NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন শিক্ষক, ভলীবল ৰেফাৰী অশোক দেউৰীৰ ৭১ বছৰ বয়সত মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2022 7:39 pm
Ashok Deori dies at 71

প্ৰাক্তন শিক্ষক, ভলীবল ৰেফাৰী, ফুটবল ধাৰাভাস্যকাৰ, সুদক্ষ খেলুৱৈ তথা কবি বঙালমৰা নিবাসী অশোক দেউৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত দেউৰীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭১ বছৰ।

লখিমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ বালি দেউৰী গাঁৱত জন্মগ্ৰহণ কৰা দেউৰীয়ে হিন্দী বিষয়ৰ শিক্ষক হিচাপে শিক্ষকতা সেৱা আগবঢ়াইছিল।

অশোক দেউৰীয়ে ২০১১ চনৰ ৩০ ছেপ্তেম্বৰত গোঁসাইপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰে। উল্লেখ্য যে তেখেত উক্ত বিদ্যালয়ৰ এজন প্ৰতিষ্ঠাপক শিক্ষক আছিল।

ভলীবল ৰেফাৰী, ফুটবলৰ ধাৰাভাস্যকাৰ আৰু সুদক্ষ কেৰম খেলুৱৈ হিচাপে লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত নিজৰ চিনাকি বৰ্তাই ৰখা দেউৰীয়ে মৃত্যুৰ সময়ত পত্নী, এগৰাকী জী, তিনিগৰাকী পুত্ৰৰ লগতে জোঁৱাই আৰু নাতি-নাতিনীক এৰি থৈ যায়।

আজি তেখেতৰ নিজ গাঁও বঙালমৰাত অন্ত্যেষ্টিক্ৰিয়া সুকলমে সম্পন্ন হৈ যায়।