হাতীডুবাত এছএছবি আৰু বন বিভাগৰ অভিযানত চেগুন কাঠৰ কুণ্ডা সহ জব্দ বাহন

তামুলপুৰ জিলাৰ কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ হাতীডুবাত এছএছবি আৰু বনবিভাগৰ অভিযানত চেগুন কাঠৰ কুণ্ডা সহ এখন মহিন্দ্ৰ পিকআপ ভান জব্দ কৰা হয়৷। জব্দ কৰা মহিন্দ্ৰ পিক আপ ভান খনৰ নম্বৰ হৈছে AS-01 GC-2446 ৷
অভিযান কালত জব্দ কৰা কাঠ খিনিৰ মূল্য ডেৰ লক্ষাধিক টকা হ’ব বুলি কোৱা হৈছে।
শুকুৰবাৰে পুৱতি নিশা ভাৰত-ভূটান সীমান্তৰ ৬৪ নং কোম্পানীৰ পাটকিজুলিস্থিত এছএছবিৰ জোৱান আৰু কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ বিষয়া- কৰ্মচাৰী সকলে গোপন খবৰৰ ভিত্তিত এই অভিযান চলাইছিল।
লগতে পঢ়ক: মহানগৰীত বিধ্বংসী অগ্নিকাণ্ডত ভষ্মীভূত হ’ল কেইবাটাও বাসগৃহ
অভিযানকাৰী দলটোৱে হাতীডুবাত বাহনখনত চেগুন কাঠৰ কুণ্ডা তুলি থাকোতে হাতে লোটে জব্দ কৰে ৷
আনহাতে, এছ এছ বি আৰু বন বিভাগৰ অভিযানকাৰী দলৰ আগমনৰ খবৰ আগতীয়াকৈ লাভ কৰি গাড়ীৰ চালক সহ আন লোকসকল সেই ঠাইৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷