• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Asia Cup Final: এছিয়া কাপ শ্ৰীলংকাৰ; চাপত হাৰ মানিলে পাকিস্তানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2022 7:34 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Sri Lanka beat Pakistan in Asia Cup Final ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এছিয়া কাপৰ ফাইনেলত ডাচুন চানাকাৰ শ্ৰীলংকাই শেষ হাঁহি মাৰিলে। বাবৰ আজমৰ পাকিস্তানক ২৩ ৰাণত পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ দলৰ খিতাপ জয় কৰিলে শ্ৰীলংকাই।

ইয়াৰ লগে লগে দ্বীপৰাষ্ট্ৰৰ দলৰ শিৰত ছয়বাৰকৈ এছিয়াৰ শ্ৰেষ্ঠত্বৰ মুকুট পিন্ধাৰ অভিলেখ গঢ়িলে। ১৯৮৬, ১৯৯৭, ২০০৪, ২০০৮ আৰু ২০১৪ চনৰ পিছত শ্ৰীলংকা এইবাৰ পুনৰ চেম্পিয়ন হ’ল।

সমগ্ৰ প্ৰতিযোগিতাখনত দুৰ্দান্ত ক্ৰিকেট খেলি এছিয়াৰ দুই শক্তিশালী ক্ৰিকেট খেলা দেশেই ফাইনেলত মুখামুখি হৈছিল।

Apply Now

দেওবাৰে ফাইনেলত পাকিস্তানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। শ্ৰীলংকাই নিৰ্ধাৰিত অভাৰত ৬ টা উইকেট হেৰুৱাই ১৭০ ৰাণ সংগ্ৰহ কৰে।

পাকিস্তানী পেচাৰৰ আধিপত্যৰ বাবে আৰম্ভণিতে শ্ৰীলংকা যথেষ্ট চাপত আছিল। ৯ অভাৰত মাত্ৰ ৫৮ ৰাণত ৫ টাকৈ উইকেট হেৰুৱাইছিল। ভানুকা ৰাজপাক্ষেই ৪৫ টা বলত অপৰাজিত ৭১ ৰাণ সংগ্ৰহ কৰি শ্ৰীলংকাৰ বাবে সন্মানজনক স্ক’ৰ গঢ়ি তুলিছিল। ৰাজপাক্ষে তেওঁৰ ইনিংছটোত ৬ টা চাৰি আৰু ৩ টা ছয় মাৰিছিল।

হাৰিছ ৰউফে পাকিস্তানৰ হৈ তিনিটা উইকেট দখল কৰিছিল। নাছিম শ্বাহ, শ্বাহদাব খান আৰু ইফতিখাৰ আহমেদে এটাকৈ উইকেট দখল কৰে।

শ্ৰীলংকাৰ ৰাণ অতিক্ৰম কৰিবলৈ লৈ পাকিস্তানে ২২ ৰাণত দুটা উইকেট হেৰুৱাইছিল। কেপ্টেইন বাবৰে মহম্মদ ৰিজৱানৰ সৈতে অপেনিং কৰিবলৈ নামি ৬ টা বলত ৫ ৰাণ সংগ্ৰহ কৰিয়েই পেভলিয়নলৈ উভতি যায়। ফখৰ জামান শূন্য ৰাণতে ওভতে।

বিশ্বৰ এক নম্বৰ টি-২০ বেটছমেন ৰিজৱানে নিজৰ উইকেটটো ধৰি ৰাখিছিল। ইফতিখাৰ আহমেদ ৰিজৱানৰ সৈতে যুটী বান্ধে। কিন্তু ৰিজৱানে ৪৯ টা বলত ৫৫ ৰাণ কৰি উভতি যোৱাৰ পিছত শ্ৰীলংকাৰ বলাৰসকলে পাকিস্তানক কোনোমতে মেচলৈ উভতি আহিবলৈ নিদিলে।

শ্ৰীলংকাৰ হৈ প্ৰমোদ মধুচানে অকলে চাৰিটা উইকেট দখল কৰে। ওৱানিন্দু হাচাৰঙ্গাই তিনিটা উইকেট লয়। মহেশ থিকছানাই এটা উইকেট আৰু চামিকা কৰুণাৰত্নে দুটা উইকেট হস্তগত কৰে।

বৰ্তমান শ্ৰীলংকা দেশখন স্বাধীনতাৰ পিছত আটাইতকৈ অশান্ত সময়ৰ মাজেৰে পাৰ হৈছে। ভাৰতৰ চুবুৰীয়া দেশখন প্ৰায় দেউলীয়া হৈ পৰিছে। এনে পৰিস্থিতিত  ক’ব পাৰি যে শ্ৰীলংকাৰ এই বিজয়ে দেশবাসীক এক নতুন যুঁজত জীয়াই থকাৰ সাহস নিশ্চয় প্ৰদান কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd