সুস্থ মনতহে সুস্থ চিন্তাৰ বিকাশ হয়। কিন্তু বৰ্তমানৰ ব্যস্ত জীৱনশৈলী, ম’বাইল ফোন তথা স্ক্ৰীনৰ প্ৰতি বাঢ়ি অহা আসক্তি আৰু পাৰিবাৰিক তথা সামাজিক জটিলতাই শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৰে মানসিক স্বাস্থ্যত গভীৰ প্ৰভাৱ পেলাইছে। সৰু সৰু কথাতে খং উঠা, হতাশা আৰু যুৱপ্ৰজন্মৰ মাজত বৃদ্ধি পোৱা অস্থিৰতা আজি সমাজৰ বাবে এক উদ্বেগজনক বিষয় হৈ পৰিছে।
এই স্পৰ্শকাতৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ নৰ্থ-ইষ্ট নাওৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানত উপস্থিত আছিল গুৱাহাটীৰ দিছপুৰস্থিত জি এন আৰ চি হস্পিতালৰ মুখ্য চিকিৎসা মনস্তত্ত্ববিদ নিমি বৰগোহাঁই। নেচনেল ইনষ্টিটিউট অৱ মেণ্টেল হেল্থ এণ্ড নিউৰ’ছায়েন্সেছ (NIMHANS)-ৰ পৰা শিশু আৰু কিশোৰ মনোবিজ্ঞানত বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত বৰগোহাঁয়ে বিগত ৩৩ বছৰ ধৰি এই ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে। মাধুৰ্য ফুকনৰ সৈতে হোৱা এই বিশেষ কথোপকথনত তেওঁ মানসিক স্বাস্থ্যৰ বহু গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰিছে।
মাধুৰ্য: ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য সমীক্ষা অনুসৰি ভাৰতৰ প্ৰায় ১০.৬% প্ৰাপ্তবয়স্ক লোকৰ নিৰ্ণয়যোগ্য মানসিক স্বাস্থ্যজনিত বিকাৰ আছে আৰু প্ৰায় ১৫% লোকে চিকিৎসা বা হস্তক্ষেপৰ প্ৰয়োজন হোৱা সমস্যাৰ সন্মুখীন হয়। ইমানৰ পাছতো মানসিক স্বাস্থ্যজনিত সমস্যাত ভোগা প্ৰায় ৭০% ৰ পৰা ৯২% লোকে সময়মতে বা পৰ্যাপ্ত চিকিৎসা লাভ নকৰে। এনে হোৱাৰ মূল কাৰণ কি বুলি আপুনি ভাবে?
নিমি বৰগোহাঁই: ইয়াৰ প্ৰধান কাৰণ হৈছে সজাগতাৰ অভাৱ। শাৰীৰিক স্বাস্থ্যৰ প্ৰতি মানুহ যিমান সজাগ, মানসিক স্বাস্থ্যৰ প্ৰতি এতিয়াও সিমান সজাগ নহয়। উদাহৰণস্বৰূপে, কোনো এজন ব্যক্তি যদি হতাশা বা ডিপ্ৰেছনত ভোগে, বহু সময়ত তেওঁ নিজেই অনুভৱ নকৰে যে এয়া এক মানসিক সমস্যা আৰু ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী। ভাৰতৰ আন ৰাজ্যসমূহৰ তুলনাত অসম এই ক্ষেত্ৰত বহু পিছপৰি আছে। মন কৰিবলগীয়া যে কেৱল হতাশাই নহয়, ড্ৰাগছ বা সুৰাসক্তিও মানসিক স্বাস্থ্যজনিত ৰোগৰ অন্তৰ্গত। উপযুক্ত সজাগতা আৰু সময়মতে চিকিৎসাৰ অভাৱতে বহুতে হতাশাত ভুগি চৰম পথ বাছি লোৱাৰ দৰে দুখজনক ঘটনা আমি দেখিবলৈ পাইছোঁ।
মাধুৰ্য: আপোনাৰ ৩৩ বছৰীয়া অভিজ্ঞতাত পূৰ্বৰ তুলনাত বৰ্তমানৰ শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ মানসিক সমস্যাৰ ধৰণত কিবা পৰিৱৰ্তন লক্ষ্য কৰিছে নেকি?
নিমি বৰগোহাঁই: ১৯৯২ চনত যেতিয়া মই কাম আৰম্ভ কৰিছিলোঁ, তেতিয়া মানুহে মনোৰোগ বিশেষজ্ঞৰ বিষয়ে জানিছিল যদিও মনোবিজ্ঞান বা কাউন্সেলিঙৰ ধাৰণা সমাজত প্ৰায় নাছিলেই। এতিয়া অৱশ্যে বহু লোক কাউন্সেলিঙৰ বাবে আগবাঢ়ি আহে। কিন্তু যুগৰ পৰিৱৰ্তন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত মানুহৰ মানসিকতা আৰু সমস্যাৰ ধৰণ যথেষ্ট সলনি হৈছে। বিশেষকৈ ক’ভিড-১৯ লকডাউনৰ পাছত মানসিক স্বাস্থ্যৰ জটিলতা দ্ৰুতগতিত বৃদ্ধি পাইছে। লকডাউনৰ সময়ত অনলাইন ক্লাছৰ জৰিয়তে ৬-৭ বছৰীয়া শিশুৰ হাততো ম’বাইল ফোন আহিল। ইয়াৰ ফলত শিশু আৰু কিশোৰসকলৰ মাজত ম’বাইল আসক্তি বাঢ়িল আৰু শিক্ষণ প্ৰক্ৰিয়াত গভীৰ বাধাৰ সৃষ্টি হ’ল। অৱশ্যে বাহ্যিক উন্নয়ন যিমানেই নহওক কিয়, মানসিক চিকিৎসকৰ কাষ চপাটোক লৈ সমাজত এতিয়াও এটা সংস্কাৰ বা ‘ষ্টিগমা’ (stigma) আছে। আজিও বহু ৰোগীয়ে আহি “মইতো পাগল নহয়, মোক ইয়ালৈ কিয় লৈ আহিলে?” বুলি প্ৰশ্ন কৰে।
মাধুৰ্য: শিশুসকলৰ মাজত ম’বাইল ফোন আৰু ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰে তেওঁলোকৰ মগজুৰ বিকাশ, মনোযোগ আৰু আৱেগিক দিশত কেনে প্ৰভাৱ পেলাইছে?
নিমি বৰগোহাঁই: তিনিৰ পৰা ছয় বছৰীয়া শিশুৱে যেতিয়া স্ক্ৰীন চায়, তাত দৃশ্যবোৰ অতি দ্ৰুতগতিত সলনি হয়, যেনে ১০ ছেকেণ্ডৰ ৰীল। ইয়াৰ ফলত মগজুৰ নিউৰ’ট্ৰেন্সমিটাৰবোৰ অত্যধিক দ্ৰুতগতিত সক্ৰিয় হ’বলৈ ধৰে। মগজুৱে এটা বিষয় গ্ৰহণ কৰিবলৈ নৌপাওঁতেই আন এটা বিষয় সন্মুখলৈ আহে, যাৰ পোনপটীয়া প্ৰভাৱ শিশুৰ মনোযোগ আৰু একাগ্ৰতাত (focus and attention) পৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) নিৰ্দেশনা অনুসৰি অতি সৰু শিশুৰ বাবে স্ক্ৰীন টাইম নাথাকেই, আনকি প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰতো স্ক্ৰীন টাইম সীমিত ৰখাটো জৰুৰী। বৰ্তমান বহু অভিভাৱকে ম’বাইল দেখুৱাই শিশুক ভাত খুৱায় বা শান্ত কৰি ৰাখে, যাৰ ফলত শিশুৰ কথা ক’বলৈ শিকাত দেৰি হোৱাৰ (speech delay) দৰে সমস্যা বাঢ়িছে।
আনহাতে, ছ’চিয়েল মিডিয়াৰ কু-প্ৰভাৱ কেৱল শিশুৰ মাজতে সীমাবদ্ধ নহয়; প্ৰাপ্তবয়স্কসকলৰ মাজতো ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ অত্যধিক ব্যৱহাৰৰ ফলত বিবাহ-বহিৰ্ভূত সম্পৰ্ক আৰু বিবাহ বিচ্ছেদৰ দৰে সমস্যা বৃদ্ধি পাইছে। আমি প্ৰযুক্তিৰ লগত খোজ মিলাই চলিবই লাগিব, কিন্তু ক’ত কিমান ব্যৱহাৰ কৰিব লাগে সেই সীমা অভিভাৱকসকলে নিৰ্ধাৰণ কৰিব লাগিব।
মাধুৰ্য: শেহতীয়াকৈ হাৰিয়ানাৰ এখন বিদ্যালয়ত এজন ৮ বছৰীয়া ছাত্ৰই এগৰাকী ৬ বছৰীয়া ছাত্ৰীক ইটাৰে প্ৰহাৰ কৰা ঘটনা চৰ্চালৈ আহিছে। শিশুৰ এনে হিংসাত্মক আচৰণৰ কাৰণ কি আৰু বিদ্যালয় তথা অভিভাৱকে ইয়াক কেনেদৰে চম্ভালিব লাগে?
নিমি বৰগোহাঁই: শিশুৰ এনে আক্ৰমণাত্মক আচৰণ (aggression) প্ৰধানকৈ দুটা পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয় ঘৰুৱা পৰিৱেশ আৰু বিদ্যালয়ৰ পৰিৱেশ। আমাৰ বিদ্যালয়সমূহৰ পৰা এতিয়া নীতি-শিক্ষা (moral science) নোহোৱা হৈ গৈছে। ১৯৯৫ চনতে বিশ্ব স্বাস্থ্য সংস্থাই ‘লাইফ স্কিলছ এডুকেশ্যন’ (Life Skills Education)-ৰ ধাৰণা আনিছিল, যিটো বেংগালুৰু বা মুম্বাইৰ বহু বিদ্যালয়ত পালন কৰা হয় যদিও অসমত এতিয়াও সেয়া তেনেই সীমিত। কেৱল নম্বৰ আৰু শতাংশৰ অঘোষিত প্ৰতিযোগিতাৰ মাজত কমিউনিকেশ্যন স্কিল, চেল্ফ এৱেৰনেছ, ক্ৰিটিকেল থিংকিং আৰু এম্পেথিৰ দৰে জীৱন-কৌশলসমূহ উপেক্ষিত হৈ ৰৈছে। যাৰ ফলত কোটা বা আই আই টিৰ দৰে শীৰ্ষ শিক্ষানুষ্ঠানৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়েও মানসিক চাপ চম্ভালিব নোৱাৰি চৰম পথ বাছি লোৱাৰ দৰে ঘটনা ঘটিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত (NEP) দক্ষতা বিকাশৰ ভাল ব্যৱস্থা আছে, যিটো সকলো বিদ্যালয়ে অনুসৰণ কৰা উচিত।
লগতে আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল, কোনো ৬-৭ বছৰীয়া শিশুৱে বিদ্যালয়ত অস্বাভাৱিক বা হিংসাত্মক আচৰণ কৰিলে তাক এসপ্তাহ-দহ দিনৰ বাবে বিদ্যালয়লৈ অহাত নিষেধাজ্ঞা আৰোপ কৰাটো কোনো সমাধান নহয়। এসপ্তাহত কাউন্সেলিং কৰি যাদুৰ দৰে পৰিৱৰ্তন আনিব নোৱাৰি; বৰঞ্চ এনে পদক্ষেপে শিশুটিৰ আচৰণ অধিক আক্ৰমণাত্মকহে কৰি তোলে। শিক্ষক-শিক্ষয়িত্ৰীসকলক এনে শিশু চম্ভালিবলৈ বিশেষ প্ৰশিক্ষণ দিয়াটো জৰুৰী, আৰু অভিভাৱকসকলেও অতিৰিক্ত সুৰক্ষামূলক (overprotective) হোৱাৰ সলনি শিশুক শুদ্ধ-অশুদ্ধ বুজোৱাত গুৰুত্ব দিব লাগে।
মাধুৰ্য: কৰ্মক্ষেত্ৰৰ চাপ, অৰ্থনৈতিক অনিশ্চয়তা আৰু ব্যস্ত জীৱনশৈলীৰ মাজত মানুহৰ সহনশীলতা ক্ৰমান্বয়ে কমি আহিছে। এই চাপে আমাৰ সামগ্ৰিক মানসিক স্বাস্থ্যত কেনে প্ৰভাৱ পেলাইছে?
নিমি বৰগোহাঁই: দৈনন্দিন জীৱনত মানসিক চাপ (stress) থাকিবই; ই জীৱনৰ অবিচ্ছেদ্য অংশ। কিন্তু ভাল চাপ (good stress) আৰু বেয়া চাপ (bad stress)-ৰ মাজত পাৰ্থক্য আছে। কৰ্প’ৰেট খণ্ড বা বদলিযোগ্য চাকৰিত বহুতে মানসিকভাৱে নিজকে পৰিস্থিতিৰ সৈতে খাপ খুৱাই ল’ব নোৱাৰাৰ ফলত মানসিক স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ বাবে প্ৰতিজন ব্যক্তিয়ে ‘ষ্ট্ৰেছ মেনেজমেণ্ট’ শিকাটো অতি জৰুৰী। যোগাভ্যাস, ধ্যান, শাৰীৰিক ব্যায়াম বা সংগীত শুনাৰ উপৰি নিজৰ বাবে এটা নিৰ্দিষ্ট ‘মি টাইম’ (Me Time) ৰখাটো অতি প্ৰয়োজনীয়, যিটো সময় কেৱল নিজৰ বাবে হ’ব আৰু তাত কোনেও আমনি কৰিব নোৱাৰিব।
মাধুৰ্য: মানসিক চাপ বা অস্থিৰতাৰ সমাধান বিচাৰি আজিকালি বহুতে ইণ্টাৰনেটত চাই ‘চেল্ফ-ডায়েগন’ছিছ’ কৰে। এই অভ্যাস কিমান বিপদজনক, আৰু এজন ব্যক্তিয়ে কেতিয়া বিশেষজ্ঞৰ কাষ চপা উচিত?
নিমি বৰগোহাঁই: আজিৰ দিনত সৰু কিবা এটা হ’লেই সকলোৱে ‘গুগল’ বা চেটজিপিটিৰ কাষ চাপে। আনকি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীয়েও ইণ্টাৰনেটত পঢ়ি আহি ‘ADHD’ বা ‘intrusive thoughts’-ৰ দৰে কাৰিকৰী শব্দ ব্যৱহাৰ কৰি নিজেই নিজৰ ৰোগ নিৰ্ণয় কৰে। AI বা ইণ্টাৰনেটৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীলতা আৰু নিজেই ঔষধ গ্ৰহণ কৰা (self-medication) অতি বিপদজনক।
আনহাতে, এদিন মনটো বেয়া লাগিলেই বা কাৰোবাৰ লগত মনোমালিন্য হ’লেই তাক ডিপ্ৰেছন বুলিব নোৱাৰি। কিন্তু যদি কোনো ব্যক্তিৰ একেৰাহে তিনি সপ্তাহ ধৰি টোপনি নোহোৱা, মনটো ভাল নলগা, খাবলৈ মন নোযোৱা, খিংখিঙীয়া স্বভাৱ, কাৰো লগত কথা পাতিবলৈ অনীহা, মনোযোগ বা স্মৃতিশক্তি হ্ৰাস পোৱা আৰু মনৰ ফুৰ্তি কমি যোৱাৰ দৰে লক্ষণ দেখা দিয়ে, তেন্তে পলম নকৰি বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। ৰক্তচাপ বা মধুমেহ হ’লে যেনেকৈ আমি চিকিৎসকৰ ওচৰলৈ যাওঁ, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো কোনো লাজ নকৰাকৈ চিকিৎসকৰ কাষ চপা উচিত।
মাধুৰ্য: যুৱপ্ৰজন্মৰ (বিশেষকৈ ১৮–৩৪ বছৰ বয়সৰ) মাজত বৃদ্ধি পোৱা আত্মহত্যাৰ প্ৰৱণতাৰ আঁৰৰ মানসিক কাৰণ কি আৰু ইয়াক কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি?
নিমি বৰগোহাঁই: আত্মহত্যা এটা অতি জটিল সমস্যা আৰু বহু ক্ষেত্ৰত ই হঠাতে কৰা আৱেগিক প্ৰতিক্ৰিয়া (impulsive behavior)-ৰ ফলত সংঘটিত হয়। বহু সময়ত আগদিনালৈকে স্বাভাৱিক আচৰণ কৰি থকা লোকেও হঠাতে এই চৰম পথ বাছি লয়, কাৰণ যেতিয়ালৈকে মানুহে নিজৰ মনৰ দুৱাৰ খুলি নিদিয়ে, ভিতৰত কি চলি আছে বুজাটো কঠিন। সেই চৰম মুহূৰ্তত ব্যক্তিজনৰ মন সম্পূৰ্ণ শূন্য, totally blank হৈ পৰে। সুৰা বা ড্ৰাগছ আসক্তিৰ আঁৰতো গভীৰ মানসিক হতাশা লুকাই থাকে। ইয়াক প্ৰতিৰোধ কৰিবলৈ পৰিয়ালৰ লোকে কেৱল সমালোচনা কৰাৰ সলনি তেওঁলোকক নিজৰ কথা মুকলিকৈ ক’বলৈ এটা সুৰক্ষিত পৰিৱেশ বা ‘স্পেছ’ দিব লাগিব আৰু সমস্যাৰ মূল কাৰণ জানিবলৈ চেষ্টা কৰিব লাগিব।
মাধুৰ্য: পৰিয়ালৰ সকলোৰে মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ দৈনন্দিন জীৱনত কি কি সহজ অভ্যাস গঢ়ি তোলা উচিত?
নিমি বৰগোহাঁই: পৰিয়ালৰ সকলো সদস্যই একেলগে বহি আহাৰ গ্ৰহণ কৰা, বিশেষকৈ ৰাতিৰ সাঁজ, আৰু দিনটোৰ কথা আলোচনা কৰাটো অতি গুৰুত্বপূৰ্ণ। ম’বাইল ফোনে আজিকালি সকলোকে নিজৰ কোঠাত আৱদ্ধ কৰি একাকী কৰি তুলিছে। অভিভাৱকে সন্তানক ‘কোৱালিটি টাইম’ দিব লাগিব; অৰ্থাৎ সন্তানৰ কাষত বহি ম’বাইল চাই থকা নহয়, সন্তানৰ সৈতে সঁচা অৰ্থত সময় কটোৱা। ঘৰত এটা নিৰ্দিষ্ট সময়ত ‘ষ্টপ স্ক্ৰীন টাইম’ (ম’বাইল বন্ধ ৰখা নিয়ম) পালন কৰিব লাগে। তদুপৰি ঘৰুৱা পৰিৱেশ নিচামুক্ত আৰু সুস্থ হ’লেহে শিশুৱে সঠিক সংস্কাৰ লাভ কৰিব আৰু এখন সুস্থ সমাজ গঢ় লৈ উঠিব।
মাধুৰ্য: বৰ্তমান বহু উচ্চ শিক্ষিত লোকেও মানসিক সমস্যাত ভোগা দেখা যায়। আহৰণ কৰা শিক্ষা বাস্তৱ জীৱনত প্ৰয়োগ কৰিব নোৱাৰাটো ইয়াৰ এটা কাৰণ হ’ব পাৰে নেকি?
নিমি বৰগোহাঁই: ইয়াৰ মূল কাৰণ হৈছে হতাশা বা ‘ফ্ৰাষ্ট্ৰেশ্যন’ (frustration)। জীৱনত বিচৰা সকলো বস্তু সদায় নাপাবও পাৰে। উদাহৰণস্বৰূপে, বহু ছাত্ৰ-ছাত্ৰীয়ে কেৱল NEET পৰীক্ষাৰ পিছতে দুই-তিনি বছৰ ধৰি লাগি থাকে, কিন্তু এটা বিকল্প পৰিকল্পনা বা ‘প্লেন বি’ (Plan B) নাৰাখে। যিটো কামে আপোনাক সুখী কৰে, যেনে ছবি অঁকা বা গান গোৱা, তাক উৎসাহিত কৰা উচিত। জীৱনশৈলীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ’ল ‘চেল্ফ এৱেৰনেছ’ বা আত্ম-সচেতনতা। নিজকে চিনি পোৱা, নিজৰ শক্তি আৰু দুৰ্বলতা বুজি পোৱাটো অতি প্ৰয়োজনীয়। নিজকে চিনি পালেহে মানুহে জীৱনত সঠিক দিশত আগবাঢ়িব পাৰিব।
(বিশেষ দ্ৰষ্টব্য: যদি আপুনি বা আপোনাৰ চিনাকি কোনোবাই মানসিক চাপ, হতাশা বা দুশ্চিন্তাত ভুগিছে, তেন্তে পলম নকৰি বিশেষজ্ঞৰ সহায় লওক। ভাৰত চৰকাৰৰ ২৪×৭ বিনামূলীয়া মানসিক স্বাস্থ্য হেল্পলাইন টেলি-মানস (Tele-MANAS): 14416 বা 1-800-891-4416-ত যোগাযোগ কৰিব পাৰে।)





