বাংলাদেশ সীমান্তৰ সমীপত নিৰুদ্দেশ হৈছিল বিএছএফ জোৱান কে বেনু। এইবাৰ অসমৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ গাতে লাগি থকা শ্ৰীভূমি জিলাৰ কুছিয়াৰা নদীৰ পৰা উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ।
প্ৰথম অৱস্থাত সীমান্তত গৰু সৰবৰাহকাৰীক ধৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁক নদীৰ সোঁতে উটুৱাই নিয়াৰ কথা শুনা গৈছিল। দীৰ্ঘ তালাচী অভিযান চলাই এইবাৰ উদ্ধাৰকাৰী দলে নদীত ওপঙি থকা অৱস্থাত ষ্টীমাৰ ঘাটৰ সমীপত বেনুৰ মৃতদেহ উদ্ধাৰ কৰে।
ভাৰতীয় জোৱানজনৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে সীমান্ত সুৰক্ষা বাহিনীৰ এজন উপ-মহাপৰিদৰ্শকে। বিএছএফৰ কনিষ্টবলজনৰ মৃতদেহ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। অৱশ্যে জোৱানজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰি বাংলাদেশলৈ নিয়াৰ খবৰটো সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰে। তেওঁ কয় যে বৰ্ডাৰ গাৰ্ড বাংলাদেশে সম্পূৰ্ণ ভুৱা তথ্য বিয়পাইছে।
খবৰ অনুসৰি, বেনুক হেড কনিষ্টবল জিতেন্দ্ৰ যাদৱৰ সৈতে কাটিগড় অঞ্চলৰ হৰিনগৰ সীমান্ত চকীত নিয়োগ কৰা হৈছিল। দেওবাৰে নিশা কাছাৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত বি এছ এফৰ জোৱানে একাংশ সন্দেহযুক্ত গৰু সৰবৰাহকাৰীক খেদি পঠিয়াইছিল।
সন্দেহযুক্ত লোককেইজনে যেতিয়া নিজৰ প্ৰাণ ৰক্ষাৰ বাবে নদীত জপিয়াই পলায়ন কৰিবলৈ চেষ্টা কৰে তেতিয়া বেনুৱেও তেওঁলোকৰ পিছে পিছে নদীত নামি যায়। কিন্তু নদীৰ প্ৰবল সোঁতৰ বাবে তেওঁ পাৰলৈ উভতি আহিব নোৱাৰিলে। ফলত ওপঙি থকা অৱস্থাত তেওঁৰ মৃত্যু হয়।
উল্লেখ্য যে সোমবাৰে পুৱা সীমান্ত সুৰক্ষা বাহিনীৰ কোম্পানী কমাণ্ডাৰে আৰক্ষীক সমগ্ৰ বিষয়টো অৱগত কৰাৰ লগে লগে তদন্তকাৰীয়ে কনিষ্টবলজনক বিচাৰিবলৈ আৰম্ভ কৰে। যৌথ অনুসন্ধান আৰম্ভ কৰা হয়।
এই অনুসন্ধান অভিযানত ৰাজ্যিক দুৰ্যোগ সঁহাৰি দল আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যকো মোতায়েন কৰা হয়। একেদৰে নদীখনৰ বিভিন্ন প্ৰান্তত তালাচী অভিযান আৰম্ভ কৰাৰ সময়ত সোমবাৰে ষ্টীমাৰ ঘাটৰ সমীপত বি এছ এফ জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।





