সৌৰজগতৰ সপ্তম গ্ৰহটো চোৱাৰ এক সোণালী সুযোগ। আজি (বুধবাৰে নিশা) আকাশত দেখা পোৱা যাব ইউৰেনাছ। সূৰ্য্যক প্ৰদক্ষিণ কৰাৰ সময়ত বছৰত এবাৰ পৃথিৱীখন সূৰ্য্য আৰু ইউৰেনাছৰ মাজত অৱস্থান কৰে। এই পৰিঘটনা বছৰৰ শেষৰ ফালে সংঘটিত হয়। সেইবাবেই ইউৰেনাছক দেখাৰ সুযোগ আহে। আজিয়েই সেই দিনটো।
ইউৰেনাছ সৌৰজগতৰ সপ্তম গ্ৰহ। ইউৰেনাছৰ বায়ুমণ্ডল মূলতঃ হাইড্ৰজেন, হিলিয়াম আৰু সামান্য পৰিমাণৰ মিথেনেৰে গঠিত। সেইবাবেই এই গ্ৰহটো দেখাত নীলাভ-সেউজীয়া। ইউৰেনাছৰ বায়ুমণ্ডলৰ তলত পানী, এমোনিয়া আৰু মিথেনৰ মিশ্ৰণেৰে তৈয়াৰী ডাঠ আৰু গৰম তৰল পদাৰ্থ থাকে। অপৰিসীম চাপৰ বাবে সেইবোৰ তৰল অৱস্থাত থাকে। ইউৰেনাছৰ একেবাৰে কেন্দ্ৰস্থলত শিল আৰু বৰফ আছে।
পৃথিৱীৰ পৰা ইমান দূৰত অৱস্থিত ইউৰেনাছৰ গতি ইমানেই লেহেমীয়া যে ইয়াক চাবলৈ সকলোৱে হাবুডুবু খাবলগীয়া হয়। অৱশ্যে ২৫ নৱেম্বৰৰ পৰা অহা কেইদিনমানৰ বাবে এই গ্ৰহটো পৃথিৱীৰ ওচৰত থাকিব। ই এনে এটা অৱস্থাত থাকিব য’ৰ পৰা ইয়াক উজ্জ্বল দ্খা যাব। ফলত ইয়াক বিচাৰি পোৱাটো সহজ হ’ব। ভাল টেলিস্কোপ বা বাইনোকুলাৰ হ’লেই দেখা পোৱা যায়।
আৰ্থ স্কাইয়ে জনোৱা মতে, ২৫ নৱেম্বৰত ইষ্টাৰ্ণ টাইম অনুসৰি সন্ধিয়া ৬ বজাৰ ভিতৰত ইউৰেনাছ আদৰ্শ অৱস্থানত থাকিব। সূৰ্যাস্তৰ সময়ত পূব আকাশত উদিত হ’ব। মাজনিশা সৰ্বোচ্চ বিন্দুত উপনীত হ’ব। সূৰ্য্য উদয়ৰ সময়ত পশ্চিম আকাশত পুনৰ অস্ত যাব। ভাৰতীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ইউৰেনাছ প্লেইডছ বা ‘চেভেন চিষ্টাৰছ’ নক্ষত্ৰমণ্ডলৰ ওচৰত অৱস্থান কৰিব।
সেই সময়ত ইউৰেনাছৰ উজ্জ্বলতা +৫.৬ হ’ব পাৰে। ফলত নিশাৰ আকাশত খালী চকুৰেও দেখা যাব পাৰে। অৱশ্যে টেলিস্কোপ বা বাইনোকুলাৰ থাকিলে বিচাৰি পোৱাটো সহজ হ’ব। বৰ্তমান পৃথিৱীৰ পৰা ইউৰেনাছৰ দূৰত্ব ১৮.৪ এষ্ট্ৰোনমিকেল ইউনিট। যদি আপুনি ইয়াক টেলিস্কোপৰ দ্বাৰা চায় তেন্তে ইয়াক ডিস্কৰ দৰে দেখা যাব।
গ্ৰীকসকলৰ আকাশৰ দেৱতাৰ নামেৰে ইউৰেনাছৰ নামকৰণ কৰা হৈছে। ইউৰেনাছ হৈছে সৌৰজগতৰ অন্যতম গ্ৰহ যাৰ বিষয়ে আমি কম জানো। তাত ১৭ ঘণ্টাত এদিন হয়। হেলনীয়া অৱস্থাত ই সূৰ্য্যক প্ৰদক্ষিণ কৰে। পৃথিৱীৰ তুলনাত ইউৰেনাছে সূৰ্য্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৮৪ বছৰ সময় লাগে।
ইউৰেনাছৰ ১৩টা আঙঠি আছে, যিবোৰ যথেষ্ট অস্পষ্ট। এতিয়ালৈকে আৱিষ্কৃত উপগ্ৰহৰ সংখ্যা ২৯টা। এতিয়ালৈকে ইউৰেনাছৰ ওচৰলৈ মাত্ৰ এবাৰহে মহাকাশযান প্ৰেৰণ কৰা সম্ভৱ হৈছে, ১৯৮৬ চনৰ ২৪ জানুৱাৰীত। নাছাৰ ভয়েজাৰ ২ বিমান তাত উপস্থিত হয়।
ইয়াৰ পিছত ২০২৭ চনৰ ৩০ নৱেম্বৰত পুনৰ পৃথিৱীৰ ওচৰ চাপিব ইউৰেনাছ।





