দিল্লীত ধাৰাবাহিক ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ নিজাববীয়াকৈ গোচৰ গ্ৰহণ কৰি আৰক্ষীৰ নিৰীক্ষণ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ মাজতেই ৰাজধানীখনত পুনৰ এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ পূব দিল্লীৰ প্ৰীত বিহাৰ অঞ্চলৰ এখন কেফেত সংঘটিত হৈছে এই জঘন্য ঘটনা। ঘটনা সন্দৰ্ভত দুগৰাকী মহিলাসহ মুঠ ছজন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে, যাৰ প্ৰতিজনেই নিৰ্যাতিতা যুৱতীগৰাকীৰ সহকৰ্মী। আৰক্ষীয়ে ইতিমধ্যে দুগৰাকী মহিলাসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰু বাকী পলাতকসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
জানিব পৰা মতে, ২২ বছৰীয়া নিৰ্যাতিতা যুৱতীগৰাকীয়ে দিল্লীৰ কাৰকাৰডুমা অঞ্চলৰ এটা মলৰ কেফেত কাম কৰিছিল আৰু অভিযুক্তসকলেও একে ঠাইতে কৰ্মৰত আছিল। যোৱা সোমবাৰে নিশা তেওঁৰ সহকৰ্মীসকলে প্ৰীত বিহাৰৰ এখন কেফেত পাৰ্টী কৰিবলৈ গৈছিল, য’ত নিৰ্যাতিতাগৰাকীকো আমন্ত্ৰণ জনোৱা হৈছিল। অভিযোগ অনুসৰি, সেই পাৰ্টীৰ সময়তে সহকৰ্মীসকলে তেওঁক দলবদ্ধ ধৰ্ষণ কৰে।
যিখন কেফেত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে, সেইখন সাধাৰণতে নিশা ১১.৩০ বজাত বন্ধ হৈ যায়। অৱশ্যে যুৱতীগৰাকীৰ এজন সহকৰ্মীৰ হাতত কেফেখনৰ চাবি আছিল। প্ৰাথমিকভাৱে জানিব পৰা মতে, সোমবাৰে নিশা কেফেখন বন্ধ হোৱাৰ পাছত সেই চাবিৰে তলা খুলি তেওঁলোক ভিতৰলৈ সোমাইছিল আৰু পুৱতি নিশা ৩ বজালৈকে মদ্যপান তথা নাচ-গানৰ পাৰ্টী চলিছিল। নিৰ্যাতিতাগৰাকীয়ে আৰক্ষীক জনোৱা অনুসৰি, পাৰ্টী চলি থকা অৱস্থাতে দুজন পুৰুষ সহকৰ্মীয়ে তেওঁক দলবদ্ধ ধৰ্ষণ কৰে আৰু বাকীসকলে এই অপৰাধত সহায় কৰে। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চাৰিজন পুৰুষ আৰু দুগৰাকী মহিলাৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে।
উল্লেখযোগ্য যে বিগত কেইটামান মাহত দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত একেৰাহে ধৰ্ষণ তথা দলবদ্ধ ধৰ্ষণৰ কেইবাটাও অভিযোগ উত্থাপন হৈছে। কেতিয়াবা উদ্যানত আৰক্ষীৰ পৰিচয় দি, আকৌ কেতিয়াবা চলন্ত বাছত কিশোৰীক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে ইয়াক ২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ সৈতে তুলনা কৰিছিল। শীৰ্ষ আদালতে মন্তব্য কৰিছিল যে নিৰ্ভয়া কাণ্ডৰ সেই যন্ত্ৰণাৰ সৈতে এই ঘটনাসমূহৰ তুলনা নকৰাকৈ থাকিব নোৱাৰি আৰু এনে ঘটনাই আৰক্ষী ব্যৱস্থাৰ ব্যৰ্থতাকেই উদঙাই দিছে।
আৰক্ষীৰ কাৰ্যপদ্ধতি আৰু নিৰীক্ষণ আন্তঃগাঁথনিক লৈও প্ৰশ্ন উত্থাপন কৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে। আৰক্ষী-প্ৰশাসনক উদ্দেশ্যি আদালতে কৈছিল, “যদি নিৰীক্ষণেই ৰখা নহয়, তেন্তে চিচিটিভিয়ে কেনেকৈ অপৰাধ ৰোধ কৰিব? ‘ৱাৰ ৰুম’ নাথাকিলে অপৰাধ কেনেকৈ নিয়ন্ত্ৰণ কৰিব?” শীৰ্ষ আদালতৰ এই ভৰ্ৎসনাৰ ডেৰ মাহ নৌহওঁতেই দিল্লীত পুনৰ নিজ সহকৰ্মীৰ বিৰুদ্ধে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে।





