দুলীয়াজানত একেটা পৰিয়ালৰ পিতৃ, মাতৃ আৰু কন্যাক নিজ বাসগৃহৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰাৰ গোচৰত অভিযুক্ত ৰাজু দাস আৰু আমিৰ দাস আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীবিদ্ধ হয়। সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এই হত্যাকাণ্ডৰ তদন্ত চলি থকাৰ মাজতেই এই ঘটনা সংঘটিত হৈছে।
উপলব্ধ তথ্য অনুসৰি, অভিযুক্ত ৰাজু দাসে প্ৰায় সাত বছৰ ধৰি ভুক্তভোগী পৰিয়ালটোৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰি আছিল। তেওঁ আমিৰ দাসৰ সৈতে মিলি এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।
আৰক্ষীৰ প্ৰাথমিক তদন্তত অনলাইন জুৱাৰ সৈতে জড়িত আৰ্থিক সংকটেই এই অপৰাধৰ মূল কাৰণ হ’ব পাৰে বুলি ইংগিত পোৱা গৈছে। জানিব পৰা মতে, অনলাইন জুৱাত ধন হেৰুৱাই ৰাজু দাস ঋণৰ বোজাত পোত গৈছিল আৰু সেই ধন পৰিশোধ কৰিবলৈ পৰিয়ালটোৰ ঘৰত লুটপাত চলোৱাৰ উদ্দেশ্যেই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।
জিম্মাত থকা অৱস্থাত অভিযুক্ত দুজনে পলায়নৰ চেষ্টা কৰাৰ পাছতেই আৰক্ষীয়ে গুলীচালনা কৰে বুলি জানিব পৰা গৈছে। অৱশ্যে ঘটনাটোৰ প্ৰকৃত পৰিস্থিতি, অভিযুক্ত দুজনৰ আঘাতৰ মাত্ৰা আৰু পৰৱৰ্তী তদন্ত সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে। এই তদন্তৰ জৰিয়তে ত্ৰি-হত্যাকাণ্ডটোৰ সমগ্ৰ ঘটনাপ্ৰৱাহ আৰু অভিযুক্ত দুজনৰ ভূমিকা স্পষ্ট হ’ব বুলি আশা কৰা হৈছে।





