স্বাস্থ্যোপযোগী এমিনো এচিড, বিভিন্ন ভিটামিন আৰু খনিজ উপাদানেৰে ভৰপূৰ কণী পুষ্টিগুণৰ অন্যতম উৎস। কিন্তু কোনোবাই যদি একেৰাহে এমাহ ধৰি প্ৰতিদিনে দুটাকৈ কণী খায়, তেন্তে শৰীৰত কি প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ ফলত কলেষ্টেৰল বৃদ্ধিৰ সম্ভাৱনা কিমান, তাক লৈ গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে পুষ্টিবিদে।
পুষ্টিবিদসকলৰ মতে, পুৱাৰ আহাৰত সিজোৱা কণী বা প’চ খোৱাটো এক অতি স্বাস্থ্যকৰ অভ্যাস। কিন্তু দৈনিক দুটাকৈ কণী খালে তেজত কলেষ্টেৰলৰ মাত্ৰা বিপজ্জনকভাৱে বৃদ্ধি পাব পাৰে নেকি, তাক লৈ বহু লোকৰ মনত দ্বিধা থাকে। দুটা ডাঙৰ কণীত প্ৰায় ৩৭০ৰ পৰা ৪০০ মিলিগ্ৰাম ডায়েটাৰী কলেষ্টেৰল থাকে, যাৰ অধিকাংশই কণীৰ হালধীয়া অংশ অৰ্থাৎ কুসুমত পোৱা যায়। দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পুষ্টিবিদ দীপালী শৰ্মাই জনোৱা অনুসৰি, কণীত থকা কলেষ্টেৰলে পোনপটীয়াকৈ তেজৰ কলেষ্টেৰল বৃদ্ধি নকৰে। যকৃৎ বা লিভাৰে নিজেই শৰীৰৰ কলেষ্টেৰলৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে। বেছিভাগ সুস্থ মানুহৰ ক্ষেত্ৰত খাদ্যৰ জৰিয়তে শৰীৰলৈ অধিক কলেষ্টেৰল গ’লে যকৃতে নিজস্ব কলেষ্টেৰল উৎপাদন কিছু হ্ৰাস কৰি সেই ভাৰসাম্য বজাই ৰাখে। ফলত একেৰাহে এমাহ দৈনিক দুটাকৈ কণী খালেই কলেষ্টেৰল বিপজ্জনকভাৱে বাঢ়ি যাব বুলি ধাৰণা কৰাটো সঠিক নহয়।
অৱশ্যে সকলোৰে শৰীৰত ইয়াৰ প্ৰভাৱ একে নহয়। গৱেষণাত দেখা গৈছে যে নিয়মীয়াকৈ কণী খালে কোনো কোনো লোকৰ ক্ষেত্ৰত মুঠ কলেষ্টেৰলৰ লগতে ভাল (এইচডিএল) আৰু বেয়া (এলডিএল) দুয়োবিধ কলেষ্টেৰলেই সামান্য বৃদ্ধি পাব পাৰে। বিশেষকৈ যিসকলৰ পৰিয়ালত উচ্চ কলেষ্টেৰলৰ ইতিহাস অথবা বিপাকক্ৰিয়া সম্পৰ্কীয় সমস্যা আছে, তেওঁলোকৰ ক্ষেত্ৰত বেয়া কলেষ্টেৰল অৰ্থাৎ এলডিএল কিছু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। আনহাতে, কণীয়ে ভাল কলেষ্টেৰল (এইচডিএল) বৃদ্ধিতো সহায় কৰে, যি হৃদযন্ত্ৰৰ বাবে উপকাৰী আৰু শৰীৰত পুষ্টিৰ ভাৰসাম্য বজাই ৰখাত সহায়ক হয়।
কণীৰ সৈতে আন কি খাদ্য গ্ৰহণ কৰা হৈছে, সেয়াও অতি গুৰুত্বপূৰ্ণ। কণীৰ লগত যদি নিয়মীয়াকৈ মাখন, ছচেজ, প্ৰক্ৰিয়াকৰণ কৰা মাংস বা অতিৰিক্ত চিজ খোৱা হয়, তেন্তে শৰীৰত ‘ছেচুৰেটেড ফেট’ৰ পৰিমাণ বৃদ্ধি পায়। এই ছেচুৰেটেড ফেটেই মূলতঃ বেয়া কলেষ্টেৰল বৃদ্ধিৰ বাবে দায়ী। ইয়াৰ বিপৰীতে কণী যদি শাক-পাচলি, দানা শস্য (যেনে- আটাৰ ৰুটি বা অ’টছ) আৰু ফাইবাৰযুক্ত খাদ্যৰ সৈতে খোৱা হয়, তেন্তে সেয়া হৃদযন্ত্ৰৰ বাবে উপকাৰী। লঘু আহাৰ বা স্নেকছ হিচাপে কেৱল সিজোৱা কণীও খাব পাৰি।
সুস্থ প্ৰাপ্তবয়স্ক ব্যক্তিয়ে নিশ্চিন্তভাৱে দৈনিক দুটাকৈ কণী খাব পাৰে। অৱশ্যে যিসকল লোক পূৰ্বৰে পৰা উচ্চ কলেষ্টেৰল, ডায়েবেটিছ অথবা হৃদৰোগত আক্ৰান্ত, তেওঁলোকে প্ৰতিদিনে কণী খোৱাৰ পূৰ্বে চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লোৱাটো জৰুৰী। তদুপৰি একেৰাহে এমাহ ধৰি দৈনিক দুটাকৈ কণী খোৱাৰ পাছত শৰীৰত কি পৰিৱৰ্তন ঘটিছে, সেয়া স্পষ্টকৈ জানিবলৈ ‘লিপিড প্ৰ’ফাইল’ পৰীক্ষা কৰাই পূৰ্বৰ ৰিপ’ৰ্টৰ সৈতে মিলাই চাব পাৰি।





