• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

by
November 24, 2026 5:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৰুৰীকালীন অৱস্থাৰ পিছত ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধী আৰু সঞ্জয় গান্ধী শোচনীয় পৰাজয়ৰ প্ৰভাৱ কেৱল ৰাজনীতিতে সীমাবদ্ধ হৈ থকা নাছিল। ইয়াৰ প্ৰভাৱ পৰিছিল গান্ধী পৰিয়ালৰ দুই কণমানি সদস্যৰ শৈশৱতো। মঙলবাৰে মাতৃ ছোনিয়া গান্ধীৰ সৈতে এক অন্তৰংগ বাৰ্তালাপৰ ভিডিঅ’ত সেই উত্তাল দিনবোৰৰ স্মৃতি ৰোমন্থন কৰিলে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভদ্ৰাই।

ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত স্মৃতিকথা ‘Belonging: A Journey of Love’ৰ আধাৰত প্ৰকাশিত ‘What Ma Left Out of Her Book’ শীৰ্ষক ভিডিঅ’টোত উন্মোচিত হ’ল নিৰ্বাচনত পৰাজয়ৰ পিছত বিদ্যালয়ত সহপাঠীৰ ঠাট্টা-মস্কৰা, নিঃসংগতা আৰু ঘৰৰ গোমা পৰিৱেশৰ বহু নজনা কাহিনী।

Apply Now

১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত পৰিয়ালটোৱে আন এখন ঘৰলৈ স্থানান্তৰিত হৈছিল। সেই সময়ত চাৰিওফালে এক চাপা উত্তেজনাই বিৰাজ কৰিছিল। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত বিদ্যালয়লৈ যোৱা প্ৰথম দিনটোৰ অভিজ্ঞতা বৰ্ণনা কৰি প্ৰিয়ংকাই কয় যে, সেই সময়ত ‘কিছা কুৰ্ছি কা’ গোচৰত সঞ্জয় গান্ধী কাৰাগাৰত আছিল।

এই কথাকে লৈ বিদ্যালয়ৰ এজন সহপাঠীয়ে প্ৰিয়ংকাক ঠাট্টা কৰি কৈছিল, “তোৰ খুৰা জেলত আছে, তোৰ খুৰা চোৰ।”

প্ৰিয়ংকাৰ ভাষ্য অনুসৰি, কথাষাৰ শুনাৰ লগে লগেই তেওঁ সহপাঠীজনক এটা প্ৰচণ্ড চৰ শোধাইছিল। চৰ খাই ল’ৰাজনে কান্দিবলৈ আৰম্ভ কৰে। অৱশেষত প্ৰিয়ংকাই শিক্ষকৰ ওচৰলৈ যাবলগীয়া হয় আৰু তাৰ পিছত নিজেই শিক্ষকৰ পৰা গালি খাবলগীয়া হয়।

আনহাতে, ৰাহুল গান্ধীৰ স্মৃতিত উজলি উঠিছে এক সম্পূৰ্ণ বেলেগ নিঃসংগতাৰ ছবি। নিৰ্বাচনৰ পিছত বিদ্যালয়ৰ প্ৰথম দিনা শ্ৰেণীকোঠাত গৈ বহাৰ পিছতো তেওঁৰ কাষত কোনো সহপাঠীয়ে বহিবলৈ অহা নাছিল। আনকি কোনেও তেওঁৰ সৈতে কথা-বতৰাও পতা নাছিল।

ঠাকুমা ইন্দিৰা গান্ধীক লৈ সহপাঠীসকলে কেনেধৰণৰ মন্তব্য কৰিছিল, সেই বিষয়েও ৰাহুলে স্মৃতিচাৰণ কৰে। এই আলোচনাত মাতৃ ছোনিয়াও যোগ দিয়ে।

পৰিস্থিতি স্বাভাৱিক কৰাৰ উদ্দেশ্যে প্ৰিয়ংকাই নিজৰ জন্মদিনত এখন পাৰ্টিৰ আয়োজন কৰিছিল। সেই পাৰ্টিলৈ তেওঁ মুঠ ৩২ জন সহপাঠীক নিমন্ত্ৰণ জনাইছিল। কিন্তু বহু সময় অপেক্ষা কৰাৰ পিছতো কোনো উপস্থিত নহ’ল। অৱশেষত মাত্ৰ এজন বন্ধুহে পাৰ্টিলৈ আহিছিল। ৰাহুলে জানিবলৈ দিয়ে যে, সেই বন্ধুৰ সৈতে আজিও তেওঁৰ বন্ধুত্ব অটুট আছে।

মাতৃৰ সৈতে হোৱা এই আড্ডাত দুই ভাই-ভনীৰ স্বভাৱৰ পাৰ্থক্যও ধেমেলীয়া ৰূপত প্ৰকাশ পায়।

প্ৰিয়ংকাই জনায় যে, বিদ্যালয়ত তেওঁ ‘প্ৰিফেক্ট’ আছিল আৰু বিদ্যালয়ৰ নিয়ম-নীতি মানি চলিবলৈ ভাল পাইছিল। ৰাহুলেও ভগ্নীৰ কথাত সন্মতি প্ৰকাশ কৰি কয়, “প্ৰিয়ংকা মুঠেও বিদ্ৰোহী নাছিল। তাই সদায় নিয়ম মানি চলিছিল। আনহাতে, মই আছিলোঁ বিদ্ৰোহী স্বভাৱৰ। সদায় প্ৰশ্ন কৰিছিলোঁ আৰু সকলো কথাতে ওলট-পালট লগাই দিছিলোঁ।”

ভাতৃ-ভগ্নীৰ স্বভাৱৰ এই পাৰ্থক্যৰ সৈতে বৰ্তমানৰ ৰাজনীতিৰ তুলনা টানিবলৈও নাপাহৰিলে প্ৰিয়ংকাই। হাঁহি হাঁহি তেওঁ মন্তব্য কৰে যে, আজিৰ সংসদতো ঠিক একেই ছবি দেখা যায়। তেওঁ সংসদীয় ব্যৱস্থাৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰিলেও ৰাহুলে কিন্তু সেয়া একেবাৰে নোৱাৰে!

উল্লেখ্য যে, কেইদিনমান পূৰ্বে প্ৰকাশ পাইছে ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘Belonging: A Journey of Love’। এই গ্ৰন্থখনত তেওঁৰ পাৰিবাৰিক জীৱন আৰু জৰুৰীকালীন অৱস্থাৰ বহু গুৰুত্বপূৰ্ণ অধ্যায়ৰ বিষয়ে উল্লেখ কৰা হৈছে। গ্ৰন্থখনত স্থান নোপোৱা বহু ব্যক্তিগত আৰু পাৰিবাৰিক স্মৃতি এইবাৰ মাতৃ আৰু দুই সন্তানে এক অন্তৰংগ আড্ডাৰ জৰিয়তে ৰাজহুৱা কৰিলে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

November 24, 2026 5:50 pm
ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

November 24, 2026 4:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd