ছয় বছৰৰ ৰাজনৈতিক বিচ্ছেদৰ অন্ত পেলাই পুনৰ একেলগে হোৱাৰ সিদ্ধান্ত লৈছে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু শিৰোমণি অকালি দলে (SAD)। ২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনত দুয়োটা দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। এই ঘোষণাৰ পিছতে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে।
মঙলবাৰে নতুন দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন যুটীয়া সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু অকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে এই মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিজেপি-অকালি দলৰ পুনৰ মিত্ৰতাক আদৰণি জনাইছে। তেওঁ এই মিত্ৰতাক পঞ্জাবৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে এক স্বাভাৱিক ৰাজনৈতিক মিত্ৰতা বুলি অভিহিত কৰে। মোদীয়ে কয় যে শিৰোমণি অকালি দল পুনৰ এনডিএ পৰিয়াললৈ উভতি অহাত তেওঁ অত্যন্ত আনন্দিত। বিশেষকৈ গুৰু নানক দেৱ জীৰ প্ৰকাশ পৰ্বৰ পবিত্ৰ দিনটোত এই মিত্ৰতা গঢ়ি উঠাটো তাৎপৰ্যপূৰ্ণ।
মোদীয়ে লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, জ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানী আৰু পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ অৱদান স্মৰণ কৰে। তেওঁৰ মতে, এই দুই দলৰ মিত্ৰতাই সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে।
উল্লেখ্য যে ১৯৯৬ চনৰ পৰাই বিজেপি আৰু অকালি দলৰ মাজত ৰাজনৈতিক মিত্ৰতা আছিল। প্ৰায় ২৪ বছৰ ধৰি চলা এই সম্পৰ্কৰ অৱসান ঘটিছিল ২০২০ চনৰ ছেপ্টেম্বৰ মাহত। কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি অকালি দলে এনডিএৰ পৰা আঁতৰি আহিছিল। সেই সময়ত অকালি দলৰ নেত্ৰী হৰছিমৰত কৌৰ বাদলেও কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল। পিছত কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰা হৈছিল।
২০২২ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনত দুয়োটা দলে পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ১১৭খন আসনৰ ভিতৰত অকালি দলে মাত্ৰ তিনিখন আৰু বিজেপিয়ে দুখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, আম আদমী পাৰ্টিয়ে ৯২খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল।
এইবাৰ পুনৰ একত্ৰিত হৈ ২০২৭ চনৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ চৰকাৰক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্য লৈছে দুয়োটা দলে।
অমিত শ্বাহে কয় যে এই মিত্ৰতা কেৱল নিৰ্বাচনী ৰাজনীতিৰ মাজতে সীমাবদ্ধ নাথাকিব। পঞ্জাবৰ পৰা ড্ৰাগছৰ সমস্যা নিৰ্মূল কৰা, দুৰ্নীতি ৰোধ কৰা আৰু ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰাই হ’ব মিত্ৰজোঁটৰ অন্যতম প্ৰধান লক্ষ্য।
অকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে এই মিত্ৰতাক কেৱল ৰাজনৈতিক সম্পৰ্ক নহয়, বৰঞ্চ পঞ্জাবৰ স্বাৰ্থত গঢ়ি উঠা এক আৱেগিক সম্পৰ্ক বুলিও অভিহিত কৰে।
এতিয়া সকলোৰে দৃষ্টি ২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনৰ ওপৰত। ছয় বছৰৰ বিৰতিৰ পিছত পুনৰ একত্ৰিত হোৱা বিজেপি আৰু অকালি দলে ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণ কিমান সলনি কৰিব পাৰে, সেয়া সময়েহে ক’ব।


