আছুৰ প্ৰতিনিধি সভাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাভা হাছঙৰ এশ বছৰ পুৰণি সংগঠন নিখিল ৰাভা জাতীয় পৰিষদে। সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক গোবিন্দ চন্দ্ৰ ৰাভাই আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যক সমালোচনা কৰি কয় যে খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱাৰ নৈতিক অধিকাৰ আজি সমুজ্জ্বল ভট্টাচাৰ্যৰ আছে বুলি তেওঁ নাভাবে।
গোবিন্দ চন্দ্ৰ ৰাভাই কয় যে ৰাভা হাছঙৰ লোকসকলে দীৰ্ঘদিন ধৰি বৰদুৱাৰ বাগান, ৰাণী আৰু উকিয়ামত প্ৰস্তাৱিত ছেটেলাইট চিটি, এৰ’চিটি আৰু বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে। এই প্ৰকল্পসমূহ ৰূপায়ণ হ’লে ২০ হাজাৰৰো অধিক ৰাভা, গাৰো, আদিবাসী, বড়ো আৰু ভাষিক অসমীয়া লোককে ধৰি বিভিন্ন জনগোষ্ঠীৰ মানুহে নিজৰ মাটি-ভেটি হেৰুৱাব লাগিব বুলি তেওঁ আশংকা প্ৰকাশ কৰে।
এই প্ৰকল্পসমূহৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সংগঠনটোৰ একাংশ সতীৰ্থ কাৰাবাস খাটিবলগীয়াও হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত আজিলৈকে আছু বা সমুজ্জ্বল ভট্টাচাৰ্যই কোনো মাত মতা নাই। তেওঁৰ অভিযোগ, কেৱল ইস্ত্ৰি কৰা কাপোৰ পিন্ধি চৰকাৰৰ সৈতে হিচাপ-নিকাচ কৰি মাজে-সময়ে খিলঞ্জীয়াৰ কথা ক’লেই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত নহয়।
আছুৰ নেতৃত্বক প্ৰত্যাহ্বান জনাই গোবিন্দ চন্দ্ৰ ৰাভাই কয় যে সংগঠনটোৱে যদি সঁচাকৈয়ে খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ কথা চিন্তা কৰে, তেন্তে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামৰ অংশীদাৰ হ’ব লাগে। লগতে, ৰাভা হাছঙৰ বহু লোকৰ হাতত মাটিৰ পট্টা নথকাৰ বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ লগতে দীৰ্ঘদিন ধৰি মাটি ভোগদখল কৰি অহা লোকসকলক মাটিৰ পট্টা প্ৰদানৰ দাবী জনাবলৈও তেওঁ আছুৰ নেতৃত্বক আহ্বান জনায়।
অন্যথা গুৱাহাটীত বহি খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কৈ মানুহক আভুৱা ভৰা বন্ধ কৰিবলৈ আছু নেতৃত্বক সকীয়াই দিয়ে নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে।





