বাণিজ্যিক গোপনীয় তথ্য চুৰি, বেংকৰ জালিয়াতি আৰু নিষেধাজ্ঞা উলংঘা কৰাৰ অভিযোগত চীনৰ প্ৰযুক্তি সংস্থা হুৱেই আৰু ইয়াৰ তিনিটা সহযোগী কোম্পানীক আমেৰিকাৰ আদালতত দোষী সাব্যস্ত কৰা হৈছে।
মঙলবাৰে নিউয়ৰ্কৰ ফেডাৰেল আদালতত দীঘলীয়া বিচাৰৰ অন্তত সংস্থাটোৰ বিৰুদ্ধে উত্থাপিত ১২টা অভিযোগৰ ভিতৰত ১০টা অভিযোগৰ বাবে জুৰীয়ে দোষী সাব্যস্ত কৰে। অৱশ্যে আটাইতকৈ গুৰুতৰ অভিযোগ অপৰাধমূলক চক্ৰ গঢ়ি তোলাৰ ষড়যন্ত্ৰৰ পৰা মুক্ত হয় সংস্থাটো।
আমেৰিকাৰ ন্যায় বিভাগৰ তথ্য অনুসৰি হুৱেইৰ কৰ্মচাৰীয়ে আমেৰিকাৰ বিভিন্ন প্ৰযুক্তি কোম্পানীৰ পৰা বাণিজ্যিক গোপন তথ্য আৰু প্ৰযুক্তি চুৰি কৰিছিল। ইয়াৰ ভিতৰত টি-ম’বাইলে নিৰ্মাণ কৰা ‘টেপি’ নামৰ ৰবটৰ কাৰিকৰী তথ্য আৰু চিস্কোৰ ৰাউটাৰৰ উৎস ক’ড অন্তৰ্ভুক্ত আছে।
ইৰাণ আৰু উত্তৰ কোৰিয়াৰ সৈতে ব্যৱসায়ৰ তথ্য লুকুৱাই আমেৰিকাৰ বেংক আৰু বিষয়াসকলক বিপথে পৰিচালিত কৰাৰ বাবেও সংস্থাটোক দোষী সাব্যস্ত কৰে।
২০১৯ চনত হুৱেইৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ উত্থাপন হৈছিল। সংস্থাটোৰ অধিবক্তাই দাবী কৰিছে যে আমেৰিকাৰ তদন্তকাৰীয়ে দুই এজন কৰ্মচাৰীৰ বিচ্ছিন্ন অনিয়মৰ ভিত্তিত বৃহৎ ষড়যন্ত্ৰৰ অভিযোগ দাখিল কৰিছে। এই ৰায়ৰ বিৰুদ্ধে আপীলৰ ঘোষণা কৰিছে হুৱেইয়ে। অহা ছেপ্টেম্বৰ মাহত এই শাস্তি ঘোষণা কৰাৰ কথা। সংস্থাটোৱে বৃহৎ জৰিমনাও ভৰিবলগীয়া হ’ব পাৰে।
এই ৰায়দানৰ ফলত আমেৰিকা আৰু চীনৰ মাজত প্ৰযুক্তিগত প্ৰতিযোগিতাত নতুন মাত্ৰা আহি পৰিছে। বেইজিঙে অভিযোগ কৰিছে যে ৱাশ্বিংটনে চীনৰ কোম্পানীসমূহক দমন কৰিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰিছে।
অৱশ্যে হুৱেইৰ সংকট কেৱল আমেৰিকাতে সীমাবদ্ধ নহয়। ২০১৮ চনত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগৰ বাবে কোম্পানীটোৰ ৫জি সঁজুলি নিষিদ্ধ কৰিছিল। ব্ৰিটেইনে তেওঁলোকৰ নেটৱৰ্কৰ পৰা হুৱেইৰ সঁজুলি আঁতৰোৱাৰ বাবে ২০২৭ চনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। কানাডাই ২০২২ চনত ৫জি আৰু ৪জি নেটৱৰ্কৰ পৰাও সংস্থাটোৰ সঁজুলি নিষিদ্ধ কৰিছে।
ইয়াৰ উপৰিও জাৰ্মানীকে ধৰি ইউৰোপৰ কেইবাখনো দেশে হুৱেইৰ সঁজুলি আঁতৰোৱাৰ উদ্যোগ লৈছে। জাপান, টাইৱান আৰু ভাৰততো সংস্থাটোৰ কাম-কাজত বাধা আৰোপ কৰা হৈছে।





