• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰোধীৰ অভিযোগত উত্তপ্ত সৰ্বদলীয় বৈঠক; মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 18, 2023 8:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বিশেষ অধিৱেশন। ইয়াৰ পূৰ্বে দেওবাৰে বিয়লি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। কিন্তু এই বৈঠকত সংসদীয় বুলেটিনৰ বাহিৰে চৰকাৰে কোনো এজেণ্ডা স্পষ্ট নকৰিলে। অৰ্থাৎ এই অধিবেশন কি বিষয়ৰ ওপৰত সেয়া স্পষ্ট হোৱা নাই।

অধিৱেশনৰ এজেণ্ডাক লৈ কিয় ইমান গোপনীয়তা তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে। চৰকাৰে দাবী কৰিছে যদিও এই অধিৱেশনক তেওঁলোকে বিশেষ অধিবেশন বুলি কোৱা নাই। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সৰ্বদলীয় বৈঠকত কংগ্ৰেছৰ সৈতে বিতৰ্কত লিপ্ত হয় চৰকাৰ পক্ষ।

তদুপৰি, মঙলবাৰে গণেশ পূজাৰ সৈতে নতুন সংসদ ভৱনত প্ৰৱেশৰ পৰা নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ কেৱল ইংৰাজী ভাষাত কৰাক লৈ বিতৰ্কৰ সৃষ্টি হয়।

Apply Now

​​১৮ ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশনত একেৰাহে পাঁচ দিন বহিব। অৱশ্যে ইয়াক বিশেষ অধিৱেশন বুলিবলৈ অনিচ্ছুক কেন্দ্ৰ। কংগ্ৰেছৰ দাবী, যদি বিশেষ অধিবেশন নহয়, তেন্তে প্ৰশ্নোত্তৰ পৰ্ব আৰু জিৰ’ আৱাৰ কিয় নাথাকিব?

ইপিনে, তৃণমূল কংগ্ৰেছে সৰ্বদলীয় বৈঠকত প্ৰস্তাৱ আগবঢ়াইছে যে বিশেষ অধিৱেশন হওক বা নহওক, এই পাঁচদিনীয়া অধিৱেশনত জনসাধাৰণৰ বিষয়ত অন্ততঃ এদিনীয়া আলোচনা হ’ব লাগে। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু ৰাজ্যৰ বকেয়া সন্দৰ্ভত আলোচনাৰ দাবী জনাইছে তৃণমূলে।

তৃণমূল কংগ্ৰেছে লোকসভা আৰু ৰাজ্যসভাত মহিলাৰ আসন সংৰক্ষণৰ বাবে বিধেয়কখন গৃহীত কৰাৰ দাবী উত্থাপন কৰে।

আনহাতে, একেখন বৈঠকতে সকলো বিৰোধী দলে নিৰ্বাচন আয়ুক্ত নিযুক্তি বিধেয়কখনৰ বিৰোধিতা কৰে। এই বিধেয়কখন অসাংবিধানিক, অগণতান্ত্ৰিক আৰু ন্যায়পালিকাৰ বিৰোধী বুলিও দাবী কৰিছে বিৰোধীয়ে। তেওঁলোকে নিৰ্বাচনৰ মাত্ৰ কেইদিনমান পূৰ্বে কিয় এই বিধেয়ক উত্থাপন কৰা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে।

সৰ্বদলীয় বৈঠকত ফাৰুক আব্দুল্লাই অনন্তনাগত সেনা জোৱান শ্বহীদ হোৱাৰ বিষয়টো উত্থাপন কৰে। সভাৰ আৰম্ভণিতে তেওঁ দাবী কৰে যে চৰকাৰে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাব লাগে। তেওঁৰ দাবীৰ পিছতে সভাৰ শেষত কাশ্মীৰৰ শ্বহীদ জোৱানসকলৰ স্মৃতিত এক মিনিট মৌনতা অৱলম্বন কৰা হয়। সূত্ৰ অনুসৰি, সংসদত এই বিষয়ত প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰিব বিৰোধীয়ে।

আনহাতে, দেওবাৰে পুৱা নতুন সংসদ ভৱনত জাতীয় পতাকা উত্তোলনৰ সময়ত বিৰোধী দলক অসন্মান কৰা বুলি সর্বদলীয় বৈঠকত অভিযোগ উত্থাপন হয়৷ ডি এম কেৰ সাংসদ তিৰুচি শিৱাই অভিযোগ কৰে যে পুৱাৰ অনুষ্ঠানত মন্ত্ৰীৰ বাহিৰে আন কোনো সংসদীয় দলৰ নেতাক আসন দিয়া হোৱা নাছিল। ইভেণ্টৰ নিমন্ত্ৰণী পত্ৰ কেৱল ইংৰাজীত লিখা হৈছে। আন ভাষাৰ প্ৰতি ই অন্যায়। তাৰোপৰি নিমন্ত্ৰণতো বহুত দেৰি হৈছে। সৰ্বদলীয় বৈঠকত তিৰুচি শিৱাই নিমন্ত্ৰণী পত্ৰ ফালি প্ৰতিবাদো সাব্যস্ত কৰে। সংসদৰ ভিতৰতো তেওঁ নিমন্ত্ৰণী পত্ৰ ফালি প্ৰতিবাদ কৰাৰ কথা সকীয়াই দিয়ে।

মঙলবাৰে অৰ্থাৎ গণেশ চতুৰ্থীৰ দিনটোত চৰকাৰে নতুন সংসদ ভৱনত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বিৰোধিতা কৰি চিপিআইয়ে বৈঠকত কয় যে সংবিধান অনুসৰি আমাৰ দেশ ধৰ্মনিৰপেক্ষ। সংসদ ভৱন সকলো ধৰ্মৰ। সংসদৰ ভিতৰত কোনো বিশেষ ধৰ্মৰ ৰীতি-নীতি পালন কৰাত আপত্তি আছে। আকৌ চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ সন্দৰ্ভত সৰ্বদলীয় বৈঠকত টিডিপি আৰু ৱাইএছআৰ কংগ্ৰেছৰ নেতাসকলৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক চলে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd