ঠাণ্ডা যাতে কোনোপধ্যেই নালাগে, তাৰ বাবে বহুতে কাণ-মূৰ ঢাকি বাহিৰলৈ ওলায়, কুহুমীয়া পানীৰে গা ধুৱে আৰু অযথা বাহিৰত ঘূৰা-ফুৰা নকৰে। ইমান সাৱধানতাৰ পাছতো শীত পৰাৰ পূৰ্বৰ সময়ছোৱাত বহু লোক কাহৰ সমস্যাত অতিষ্ঠ হৈ পৰে। কাহৰ ঔষধ অথবা ঘৰুৱা উপায়েও যদি সকাহ নিদিয়ে, তেন্তে ইয়াক সাধাৰণ কাহ বুলি অৱহেলা নকৰিবলৈ পৰামৰ্শ দিছে চিকিৎসকসকলে। কাৰণ ইয়াৰ আঁৰত লুকাই থাকিব পাৰে নিউম’নিয়াৰ দৰে জটিল সংক্ৰমণ।
দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ ডাঃ অমিত বাৱেজাই জনোৱা অনুসৰি, দীপাৱলীৰ পাছৰে পৰা ৰাজধানী দিল্লীৰ লগতে ভাৰতৰ বহু ডাঙৰ চহৰত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। তদুপৰি শীতৰ বতৰ চমু চাপি অহাৰ লগে লগে বতাহত ধূলিকণাৰ পৰিমাণো বাঢ়ি যায়। ইয়াৰ ফলত হাপানী বা চিঅ’পিডি (COPD)-ৰ দৰে সমস্যাত ভোগা ৰোগীসকলৰ কষ্ট অধিক তীব্ৰতৰ হয়। ভাৰতত শীতৰ প্ৰকোপ বঢ়াৰ লগে লগে নিউম’নিয়াৰ শংকাও দ্ৰুতগতিত বৃদ্ধি পায়। চিকিৎসকসকলৰ মতে, প্ৰাথমিক লক্ষণ দেখা দিয়াৰ পাছতো সময়মতে হাওঁফাওঁৰ পৰীক্ষা নকৰাটোৱেই সাধাৰণ অসুখ এটাক জটিল কৰি তোলে।
শীতকালত কিয় এই সংক্ৰমণ অধিক হয়?
বায়ু প্ৰদূষণ: বতাহত থকা সূক্ষ্ম ধূলিকণাই শ্বাসনলীত প্ৰদাহৰ সৃষ্টি কৰে আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা হ্ৰাস কৰে। প্ৰদূষিত বায়ুৱে হাওঁফাওঁক দুৰ্বল কৰি তোলে।
বন্ধ পৰিৱেশ: তাপমাত্ৰা হ্ৰাস পোৱাৰ লগে লগে মানুহে ঘৰৰ ভিতৰত অধিক সময় কটায়। পোহৰ-বতাহহীন বন্ধ কোঠাত ভাইৰাছ অতি দ্ৰুতগতিত বিয়পি পৰে, যাৰ ফলত ভাইৰেল সংক্ৰমণ আৰু নিউম’নিয়াৰ সম্ভাৱনা বৃদ্ধি পায়।
চিকিৎসাত পলম হ’লেই বাঢ়ে জটিলতা
নিউম’নিয়া প্ৰাথমিক অৱস্থাতেই ধৰা পেলাব পাৰি। কিন্তু দীৰ্ঘদিনীয়া কাহ, সামান্য ক্লান্তি বা মৃদু জ্বৰক বহুতে বতৰ পৰিৱৰ্তনৰ সাধাৰণ সমস্যা বুলি অৱহেলা কৰে। এনে সময়ত আদা চাহ, গৰম পানীৰ ভাপ লোৱা বা চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈয়ে নিজে এণ্টিবায়’টিক খোৱাৰ প্ৰৱণতা দেখা যায়। সঠিক চিকিৎসাৰ অভাৱত সংক্ৰমণ হাওঁফাওঁৰ অধিক গভীৰলৈ বিয়পি পৰে। ফলত যিটো ৰোগ আৰম্ভণিতেই সাধাৰণ ঔষধেৰে নিৰাময় কৰিব পৰা গ’লহেঁতেন, সেয়া জটিল পৰ্যায়লৈ যায় আৰু বহু সময়ত চিকিৎসালয়ত ভৰ্তি হৈ অক্সিজেন ল’বলগীয়া পৰিস্থিতিও সৃষ্টি হয়।
কোনবোৰ লক্ষণ একেবাৰেই অৱহেলা কৰিব নালাগে?
- জ্বৰৰ লগতে উশাহ-নিশাহত কষ্ট অনুভৱ কৰা।
- উশাহ লোৱাৰ সময়ত বা কাহিলে বুকুত বিষ হোৱা।
- বিশ্ৰাম লৈ থকা অৱস্থাতো দ্ৰুতগতিত উশাহ-নিশাহ চলা।
- বয়স্কসকলৰ ক্ষেত্ৰত: অস্বাভাৱিক দুৰ্বলতা, মানসিক বিভ্ৰান্তি বা খাদ্যৰ প্ৰতি অৰুচি দেখা দিয়া।
- শিশুৰ ক্ষেত্ৰত: দ্ৰুতগতিত উশাহ লোৱা, ঠিকমতে খোৱা-বোৱা নকৰা বা উশাহ লোৱাৰ সময়ত বুকুৰ কামিহাড় ভিতৰলৈ সোমাই যোৱা।
এই লক্ষণসমূহৰ যিকোনো এটা দেখা দিলেই ঘৰুৱা উপায়ৰ ওপৰত নিৰ্ভৰ নকৰি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱা, অক্সিজেনৰ মাত্ৰা পৰীক্ষা কৰোৱা আৰু প্ৰয়োজন সাপেক্ষে বুকুৰ এক্স-ৰে কৰোৱাটো জৰুৰী।
কাৰ বাবে বিপদ অধিক?
শিশু, বয়স্ক ব্যক্তি, ধূমপায়ী আৰু ডায়েবেটিছ, হাপানী বা হৃদৰোগত আক্ৰান্ত লোকসকলৰ ক্ষেত্ৰত নিউম’নিয়াৰ আশংকা অধিক। তদুপৰি গৰ্ভাৱস্থাত ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হাওঁফাওঁ প্ৰসাৰণৰ ঠাই কিছু কমি যায়; লগতে দ্ৰুত উশাহ-নিশাহৰ বাবে প্ৰদূষিত বায়ু শৰীৰত অধিক প্ৰৱেশ কৰে, যিয়ে গৰ্ভৱতী মহিলাসকলৰ বিপদ বঢ়াই তোলে। সেয়েহে ডায়েবেটিছ ৰোগী বা দীৰ্ঘদিনীয়া ধূমপানৰ অভ্যাস থকাসকলে কাহ, বুকুত কফ জমা হোৱা বা শ্বাসকষ্টৰ লক্ষণ কেতিয়াও অৱহেলা কৰা উচিত নহয়।
বিপদ এৰাই চলিবলৈ কি কৰিব?
এসপ্তাহতকৈ অধিক সময় কাহ থাকিলে বা কাহৰ লগত জ্বৰ আৰু শ্বাসকষ্ট হ’লে পলম নকৰি চিকিৎসকৰ কাষ চপা উচিত। বিশেষকৈ বয়স্কসকলৰ বাবে ইনফ্লুৱেঞ্জা আৰু নিউম’কক্কেল টিকাই ৰোগৰ তীব্ৰতা হ্ৰাস কৰাত সহায় কৰে। চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজে এণ্টিবায়’টিক খোৱাটো সম্পূৰ্ণ অনুচিত, কিয়নো ইয়াৰ ফলত ৰোগৰ প্ৰকৃত লক্ষণ লুকাই পৰে আৰু ঔষধৰ কাৰ্যক্ষমতা নষ্ট হয়। ইয়াৰ উপৰি প্ৰদূষিত বতৰত সাধাৰণ কাপোৰৰ মাস্কৰ সলনি উন্নত মানৰ এন-৯৫ (N-95) মাস্ক ব্যৱহাৰ কৰা, অতি পুৱাতেই বাহিৰত ব্যায়াম নকৰা, শোৱনি কোঠাত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰা আৰু পৰ্যাপ্ত পৰিমাণে স্বাস্থ্যকৰ ছূপ, পানীয় তথা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অতি উপকাৰী।





