NORTHEAST NOW (Assamese)
অসম

Bank Union Strike: দুদিনীয়া বেংক ধৰ্মঘটত বহিছে প্ৰায় ৯লাখ বেংক কৰ্মচাৰী; সমস্যাত গ্ৰাহক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 16, 2021 7:57 pm
bank-strike-1

Bank Union Strike বৃহস্পতিবাৰৰ পৰা চৰকাৰী বেংকসমূহৰ প্ৰায় ৯লাখ কৰ্মচাৰীয়ে দুদিনীয়া বেংক ধৰ্মঘটত বহিছে। গ্ৰাহকসকলৰ বেংকৰ কিবা কামকাজ থাকিলে সেয়া কাইলৈও কৰাটো সম্ভৱ নহ’ব।

ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নে দুটা ৰাষ্ট্ৰীয়কৃত বেংক ব্যক্তিগতকৰণৰ বাবে চলোৱা চৰকাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে এই ধৰ্মঘটৰ আহ্বান দিছে।

ইতিমধ্যে অতিৰিক্ত মুখ্য শ্ৰম আয়ুক্তৰ সৈতে সমাধানকল্পে হোৱা আলোচনা ব্যৰ্থ হোৱাৰ পাছত বেংক ইউনিয়নসমূহে এই ধৰ্মঘটৰ আহ্বান দিছিল।

Also Read: ৫০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ

ষ্টেট বেংক অফ ইণ্ডিয়াকে ধৰি অধিকাংশ বেংকে ইতিমধ্যে তেওঁলোকৰ গ্ৰাহকসকলক জনাই দিছে যে ধৰ্মঘটৰ বাবে চেক ক্লিয়াৰেন্স তথা ফাণ্ড ট্ৰেন্সফাৰৰ দৰে পৰিসেৱাসমূহ বন্ধ হ’ব পাৰে। আনহাতে, দুদিন ধৰ্মঘটৰ পাছত দেওবাৰে বেংক বন্ধ থাকিব।

উল্লেখ্য যে ২০২১-২২ বৰ্ষৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে দুটা চৰকাৰী বেংকক ব্যক্তিগতকৰণৰ প্ৰস্তাৱ ৰাখিছিল। ইয়াৰ বাবে চৰকাৰে প্ৰস্তুতিও লৈছে।

Also Read:মাত্ৰ ১টকাত ৩০ দিনৰ ভেলিডিটি, বিনামূলীয়া ডাটা! কি এই Jioৰ ধামাকা প্লেন?

বাতৰি অনুসৰি, কেন্দ্ৰীয় চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনতে বেংকিং আইন (সংশোধনী) বিধেয়ক ২০২১ অনাৰ প্ৰচেষ্টা চলাইছে। 

দেশৰ আন আন প্ৰান্তৰ দৰে অসমতো আজি চৰকাৰী বেংকসমূহৰ কৰ্মীসকলে কামকাজৰ পৰা বিৰত থাকি ধৰ্মঘট পালন কৰে। কাইলৈও ৰাজ্যত এই ধৰ্মঘট অব্যাহত থাকিব বুলি বেংক কৰ্মচাৰীসকলে জানিবলৈ দিছে।