NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- আইকন*

Posted by: হৰেকৃষ্ণ ডেকা Updated by: হৰেকৃষ্ণ ডেকা September 21, 2025 7:40 am

আইকন*

প্ৰাণ ঢালি গান গোৱা ডেকাজন

সকলোকে সহোদৰ বুলি ভবা ডেকাজন

হঠাৎ গুচি গ’ল।

যোৱা কথা আছিলেই।

তোমালোকে ভাবিছিলা

তেওঁ নাযায়।

বহু বছৰ পিছত

তোমালোকৰ বয়স ভাটী হলে

আৱেগ-শূন্যভাৱে তোমালোকে

তেওঁৰ কথা পাতিবা,

নিস্পৃহ আৱেগেৰে

তেওঁৰ দোষ-গুণৰ কথা কবা।

নতুনবোৰে তোমালোকৰ কথালৈ

কাণ নিদিয়ে।

তেওঁলোকৰ সমুখত  নতুন  আইকন।

তেওঁলোক তাত মগ্ন।

*আইকন:  ইংৰাজী icon.