NORTHEAST NOW (Assamese)

ডিমৌত ১৭ মাৰ্চত কিশোৰী সমাৰোহ; উদ্বোধন কৰিব শিৱসাগৰৰ উপায়ুক্তই

March 13, 2018 11:25 pm · হিতোজ্বল চেতিয়া

শিৱসাগৰ জিলাৰ ডিমৌৰ আগশাৰীৰ বেচৰকাৰী সংস্থা চনাপুৰ সামাজিক উন্নয়ন সমিতিয়ে কিশোৰী সবলীকৰণ, কন্যা সন্তানৰ সুৰক্ষা আৰু সজাগতাৰ ওপৰত অহা ১৭ মাৰ্চ তাৰিখে দিনৰ দহ বজাৰ পৰা ডিমৌ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি কিশোৰী সমাৰোহ আয়োজন কৰিছে।

উক্ত সমাৰোহ উপলক্ষে “মোৰ পৃথিৱী, মোৰ অধিকাৰ” “কন্যা সন্তানৰ বৰ্তমান অৱস্থিতি আৰু স্থিতি” শীৰ্ষক বিষয়ৰ ওপৰত কিশোৰীসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

সমাৰোহখন উদ্বোধন কৰিব শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত পল্লব গোপাল ঝাই।

উক্ত দিনাই সমাৰোহত খনিৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা কিশোৰ কিশোৰী গোট আৰু ইউনিচেফৰ দ্বাৰা প্ৰকাশিত “মুক্ত আকাশ” প্ৰাচীৰ পত্ৰিকাখন ডিমৌ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, ডিমৌ আদৰ্শ চিকিৎসালয়  আৰু ডিমৌ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত শুভ উদ্বোধন কৰা হ’ব বুলি সংস্থাটোৰ সভাপতি সঞ্জয় প্ৰসাদ শ্বাহে জানিবলৈ দিছে।

Related News