ডিমৌৰ লিখেন দত্তলৈ নাট্যশ্ৰী সন্মান থিয়েটাৰ মুভমেণ্টৰ
আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ইন্দ্ৰ বণিয়াৰ পৃষ্ঠপোষকতাত আৰু প্ৰশান্তজিৎ চেতিয়াৰ একক প্ৰচেষ্টাৰে ১৯৯৫ চনত ডিমৌত প্ৰতিষ্ঠা হৈছিল এক্টিং একাডেমি।
জানিব পৰা মতে যোৱা ২৮ জানুৱাৰিৰ পৰা উৰিষ্যাৰ কটক চহৰত দেশৰ আগশাৰীৰ নাট্য সংগঠন থিয়েটাৰ মুভমেন্টে আয়োজন কৰা ৰাষ্ট্ৰীয় বহুভাষিক নাট আৰু নৃত্য প্ৰতিযোগিতাত ডিমৌৰ এক্টিং একাডেমিৰ দলে অংশগ্ৰহণ কৰি বহু কেইটা বিভাগত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰে।
ৰূপালী দত্তৰ পৰিচালনাৰে পৰিৱেশিত ছেমি ক্লাছিকেল নৃত্যৰ দলীয় শাখাত একাডেমিৰ দলটোৱে ৰাষ্ট্ৰীয় ভিত্তিত শ্ৰেষ্ঠ নৃত্য দলৰ সন্মান লাভ কৰে। আনহাতে ডিমৌ অঞ্চলৰ নাট্যকাৰ লিখেন দত্তৰ ৰচনা আৰু পৰিচালনাৰে পৰিৱেশিত ‘এখন ধুনীয়া পৃথিৱীৰ প্ৰতীক্ষাত’ শীৰ্ষক নাটখনে তৃতীয় স্থান আৰু ধৰণী দত্তই ছেমি ক্লাছিকেল একক শাখাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।
উক্ত অনুষ্ঠানতেই নিৰৱচ্ছিন্নভাৱে নাট্যকৰ্মৰ জৰিয়তে নিঃস্বাৰ্থ সেৱা আগৱঢ়াই অহা জ্যেষ্ঠ নাট্যকৰ্মী, পৰিচালক, নাট্যকাৰ লিখেন দত্তলৈ দেশৰ আগশাৰীৰ নাট্য সংগঠন থিয়েটাৰ মুভমেণ্টে আয়োজন কৰা বহুভাষিক নাট আৰু নৃত্য প্ৰতিযোগিতাৰ তৰফৰ পৰা ডিমৌ এক্টিং একাডেমিৰ হৈ ৰাষ্ট্ৰীয় ভিত্তিত নাট্যশ্ৰী সন্মান প্ৰদান কৰে।
ইয়াৰ আগতেও উক্ত নাট্যানুষ্ঠানটোৱে ২০০০ চনত এক্টিং একাডেমিৰ সঞ্চালক প্ৰশান্তজিৎ চেতিয়াক ৰাষ্ট্ৰীয় ভিত্তিত ‘বেষ্ট পাৰ্ছনেলিটী অৱ ইণ্ডিয়া’ আৰু ২০১৫ চনত সৰ্বভাৰতীয় ভিত্তিত নাট্যশ্ৰী সন্মান প্ৰদান কৰিছিল। থিয়েটাৰ মুভমেন্টে ডিমৌৰ জ্যেষ্ঠ নাট্যকাৰ লিখেন দত্তলৈ আগবঢ়োৱা নাট্যশ্ৰী সন্মানে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।