NORTHEAST NOW (Assamese)

ডিমৌ নগৰ সমিতিৰ দৃষ্টান্তমূলক পদক্ষেপ : আজিৰ পৰা ডিমৌত স্বচ্ছতাৰ সজাগতা কাৰ্য্যসূচী

February 26, 2018 7:45 am · হিতোজ্জ্বল চেতিয়া
চাফ-চিকুণতাক মানুহৰ দৈনন্দিন জীৱন যাত্ৰাৰ অংশ কৰি লোৱাৰ বাবে সমাজত এক ইতিবাচক মনোভাৱ গঢ়ি তোলাৰ উদ্দেশ্যে ডিমৌত ডিমৌ নগৰ সমিতিয়ে এলানি সজাগতা সৃষ্টিৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। অহা ২৬ ফেব্ৰুৱাৰিৰ পৰা এই কাৰ্য্যসূচী আৰম্ভ কৰা হ’ব।
ডিমৌ নগৰ সমিতিৰ কাৰ্যবাহী বিষয়া তথা ডিমৌ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাঙৰ  নেতৃত্বত ২৬ ফেব্ৰুৱাৰিৰ পৰা ১৫ মাৰ্চ লৈকে স্বচ্ছতা সম্পৰ্কত মুঠ ১৫খন সজাগতা সভা অনুষ্ঠিত কৰা হ’ব।
ডিমৌ নগৰ সমিতিৰ এলেকাত থকা বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত স্বচ্ছ ভাৰত সম্পৰ্কত সজাগতা অনাৰ উদ্দেশ্যে ডিমৌ নগৰ সমিতিৰ অভিযন্তা গৌতম কলিতাৰ তৎপৰতাত এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে।
ডিমৌ নগৰ সমিতিয়ে জনোৱা মতে অহা ২৬ ফেব্ৰুৱাৰিত শান্তিপুৰ কমল বড়া প্ৰাথমিক বিদ্যালয়, ২৭ ফেব্ৰুৱাৰিত ডিমৌ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, ২৮ ফেব্ৰুৱাৰিত হেমচন্দ্ৰ বৰগোহাঁই মডেল ইংলিছ স্কুল, ২ মাৰ্চত ডিমৌ ইংলিছ একাডেমি, ৩ মাৰ্চত কিড্‌চ স্কুল, ৫ মাৰ্চত চেইণ্ট জনচন স্কুল,  ৬ মাৰ্চত কলিয়াপানী প্ৰাথমিক বিদ্যালয়, ৭ মাৰ্চত কলিয়াপানী মজদুৰ প্ৰাথমিক বিদ্যালয় আদিত সজাগতা সভা অনুষ্ঠিত কৰা হব।
এই সভাবোৰত আন আন ব্যক্তিসকলৰ লগতে ডিমৌ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং আৰু ডিমৌ নগৰ সমিতিৰ স্বচ্ছতাৰ ব্ৰেণ্ড এম্বেছাদৰ শেখৰজ‍্যোতি দুৱৰী উপস্থিত থাকিব।

Related News