NORTHEAST NOW (Assamese)
অসম

অইল ইণ্ডিয়া-ডি এফ এ’ আমন্ত্ৰণমূলক আন্তঃএকাডেমি ফুটবল প্ৰতিযোগিতাত শ্ৰেষ্ঠ দুলীয়াজান ফুটবল একাডেমি

Posted by: অভিক চক্ৰবৰ্তী March 21, 2018 5:52 pm
Duliajan Football Academy defeated Barekuri Football Academy

দুলীয়াজানৰ নেহৰু মৈদানত চলি থকা দ্বিতীয় অইল ইণ্ডিয়া-ডি এফ এ’ আমন্ত্ৰণমূলক আন্তঃএকাডেমি  ফুটবল প্ৰতিযোগিতাত মঙলবাৰে অনুষ্ঠিত ফাইনেলত দুলীয়াজান ফুটবল একাডেমিয়ে বাৰেকুৰি ফুটবল একাডেমিক ২-০ গ’লত পৰাস্ত কৰে।

দুলীয়াজান ফুটবল একাডেমিৰ হৈ জোন খৰিয়াই প্ৰথমটো গ’ল দিয়াৰ বিপৰীতে দলটোৰ বাবে দ্বিতীয়টো গল দিয়ে অনিল টামাঙে।

আনহাতে খেলখনত গ’ল দিয়াৰ কেইবাটাও সুজোগ পোৱাৰ পিছটো বাৰেকুৰি ফুটবল একাডেমিয়ে এটাও গ’ল দিবলৈ সক্ষম নহ’ল।

কালিৰ খেলখনত গোপাল গৈৰক মেন অব দ্যা মেচ সন্মান দিয়াৰ বিপৰীতে জন চহৰীয়াক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান দিয়া হয়।

বিজয় দল দুলীয়াজান ফুটবল একাডেমিক মুখ্য অতিথি হিচাপে উপস্থিত থকা অইলৰ ডি জি এম (পি এ) সুদিপ্ত চক্ৰবৰ্তীয়ে বিজয়ী বঁটা প্ৰদান কৰে আৰু প্ৰতিষ্ঠানটোৰ সুৰক্ষা বিভাগৰ ডি জি এম পৰাগ গগৈয়ে আনটো দলক ৰানাৰ্ছ আপ বঁটা প্ৰদান কৰে।