NORTHEAST NOW (Assamese)
অসম

মাদ্ৰাছা-বাংলা বিদ্যালয়ত ‘চলাওক অসমীয়া’, ভাষা ৰক্ষাৰ যুঁজত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 26, 2018 4:59 pm
employ-assamese-in-madrassa-bengali-schools-of-brahmaputra-valley-pleads-janagosthiya-oikyamancha

ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো মাদ্ৰাছা আৰু বাংলা বিদ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনাইছে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসম নামৰ নৱ গঠিত সংগঠনটোৱে।

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসম প্ৰতিবাদত উত্তাল হৈ থকাৰ পৰতে বোকাখাতৰ নাট্য মন্দিৰত এক সংবাদমেলযোগে শুকুৰবাৰে এই আহ্বান জনাইছে ঐক্যমঞ্চই।

অসমৰ পাহাৰ ভৈয়ামৰ সকলো জাতি-জনগোষ্ঠীৰ সমন্বয়েৰে এক সাংস্কৃতিক আন্দোলন গঢ়ি তোলাৰ বাবে সংগঠনটোৱে কাম কৰি যাব বুলি ঘোষণা কৰা হৈছে।

“অসমৰ সকলো লোকৰ কৃষ্টি-সংস্কৃতি, লিপি, ভাষা-সাহিত্য, ঐতিহ্য, পৰম্পৰা, ৰীতি-নীতি, সাজ-পোচাক, আ-অলংকাৰ, উৎসৱ, সামাজিক বিধি-বিধান, বিবাহ, মাংগলিক কাৰ্য্যক প্রণালীবদ্ধ বিস্তৃত চৰ্চাৰ লগতে সংৰক্ষণৰ দিহা কৰাৰ বাবেই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ জন্ম হৈছে,” সংবাদমেলত জনালে মঞ্চৰ সভাপতি প্ৰহ্লাদ মিলিয়ে৷

ঐক্যমঞ্চই “সমন্বয়ৰ বঁটা” শীৰ্ষক বাৰ্ষিক এক সন্মান প্ৰদানৰ কথাও ঘোষণা কৰিছে। ছবি নিৰ্মাতা মাণিক বৰাক এই বৰ্ষৰ বাবে বঁটাটো প্ৰদান কৰা হ’ব বুলিও সংবাদমেলত মঞ্চই ঘোষণা কৰে।

ড৹ ভূপেন হাজৰিকাৰ স্মৃতিত অহা ৫ নৱেম্বৰত বোকাখাতত মঞ্চই আয়োজন কৰা এক দিনজোৰা কাৰ্য্যসূচীত বৰাক এই বঁটা প্ৰদান কৰা হ’ব।

“ড৹ ভূপেন হাজৰিকাৰ স্মৃতিত এই অনুষ্ঠানটো হ’ব শাৰদীয় গীত, নৃত্য আৰু কবিতাৰ অনুষ্ঠান,” জনালে মঞ্চৰ সভাপতিয়ে।

সংবাদ মেলত মঞ্চৰ ৰাজ্যিক সভাপতি প্ৰহ্লাদ মিলি, কাৰ্য্যকৰী সভাপতি দ্বীপ্ত সেউজ গগৈ, গোলাঘাট জিলা সমিতিৰ সভাপতি বিজয় শৰ্মাৰ লগতে আন বিষয়ববীয়াসকল উপস্থিত আছিল।