NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ মৌনতাত অতিষ্ঠ : বিজেপিৰ পৰা পদত্যাগ এ পি ডি চি এলৰ সঞ্চালক নিৰ্মল নুনিছাৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক October 26, 2018 4:04 pm
BJP

খিলঞ্জীয়াৰ মতৰ বিৰুদ্ধে চৰকাৰে অনা নাগৰিকত্ব সংশোধনী বিধেয়কেই ৰাজ্যিক বিজেপিৰ বাবে কাল হ’বলৈ গৈ আছে। আজি দলটোৰ এজন গুৰুত্বপূৰ্ণ নেতাই দলত্যাগ কৰি এই সবল ইংগিত দিলে।

বৰ্তমান অসম শক্তি বিতৰণ কোম্পানিৰ সঞ্চালকৰ পদত থকা নিৰ্মল নুনিছাই ভাৰতীয় জনতা পাৰ্টী, অসমৰ সভাপতিলৈ সম্বোধন কৰি লিখা পদত্যাগ পত্ৰত স্পষ্টকৈ উল্লেখ কৰিছে তেওঁৰ ক্ষোভৰ কাৰণ।

“খিলঞ্জীয়া ৰাইজে নিবিচৰা নাগৰিকত্ব সংশোধনী বিল, ২০১৬ ৰ বিষয়ে মাননীয় মুখ্য মন্ত্ৰী ডাঙৰীয়াই কোনো স্পষ্ট মতামত প্ৰকাশ নকৰিলে আজিকোপতি।” অসমীয়াতে লিখা নিজৰ পদত্যাগ পত্ৰখনত এইদৰে কয় ক্ষুভিত নেতাজনে।

Nirmal Nunisa Resignation
নিৰ্মল নুনিছাৰ পদত্যাগ পত্ৰখন।

আনহাতে মুখ্য মন্ত্ৰী সোণোৱালক ‘নিজেই এজন জনজাতিৰ লোক হৈও জনজাতি অধ্যুষিত অঞ্চলবোৰৰ কোনো উন্নতি সাধিব নোৱাৰিলে বুলি’ কয়। তেওঁ পাহাৰীয়া জিলাকেইখনত জনজাতি-অজনজাতিৰ মাজত সংঘাত লগাবলৈ একাংশই চেষ্টা কৰি থকা সত্ত্বেও সঠিক পদক্ষেপ ল’ব পৰা নাই বুলি সোণোৱালৰ বিৰুদ্ধে অভিযোগ আনে।

তেওঁ জাতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু নৱ প্ৰজন্মৰ সুৰক্ষাৰ কথা ভাবি দলত্যাগ আৰু পদত্যাগ কৰা বুলি কয়।

নিজৰ সিদ্ধান্ত ভুল প্ৰমাণিত হোৱা দেখি হতাশা প্ৰকাশ কৰি তেওঁ কয়, “মই ভাৰতীয় জনতা দলৰ দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ গড়কাপ্তানী বিভাগৰ কাৰ্য্যবাহী অভিযন্তাৰ দৰে পদবীৰ মোহ ত্যাগ কৰি ২০১৬ চনৰ ২৭ জানুৱাৰিৰ তাৰিখে দলটোত যোগদান কৰিছিলো।”

তেওঁ গুৰুত্বপূৰ্ণ অভিযোগেৰে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনকো সমালোচনা কৰে। “বিমুদ্ৰাকৰণে ধনীক শ্ৰেণীৰ একো ক্ষতি কৰিব নোৱাৰিলে। বৰং সাধাৰণ শ্ৰেণীৰ লোকে অবৰ্ণনীয় কষ্ট সহিব লগীয়া হ’ল।” এইদৰে কয় নুনিছাই।