NORTHEAST NOW (Assamese)
অসম

ডুমডুমাত সন্দেহযুক্ত আলফা সদস্যই গুলীয়াই মাৰিলে দুজনক; এজনক আটক

Posted by: অভিক চক্ৰবৰ্তী, লক্ষ্মণ শৰ্মা May 18, 2018 10:38 pm
গুলী চালনা

তিনিচুকীয়া জিলাৰ ৰূপাইচাইডিঙত আজি সন্ধিয়া দুই সন্দেহজনক আলফা (স্বাঃ)ৰ সদস্যই কৰা গুলীচালনাত দুজনকৈ লোক থিতাতে নিহত হয়।

উল্লেখযোগ্য যে আজি সন্ধিয়া প্ৰায় ৭.৩০ বজাত দুজন অচিনাক্ত ব্যক্তিয়ে মটৰচাইকেলেৰে আহি উদয় চাণ্ড আগৰৱালাৰ গেলামালৰ দোকানত উপস্থিত হৈ পিষ্টল উলিয়াই গুলী চালনাৰ কৰিবলৈ ধৰে। আৰু গুলী চালনাত দুজন লোক থিতাতে নিহত হয়।

ইয়াৰে গুলী চালনাত নিহত হোৱা এজনক আৰক্ষীয়ে জিৎ বাৰ্মা বুলি চিনাক্ত কৰিছে আৰু তেওঁ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। আনহাতে আনজন নিহতক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

ঘটনা সংঘটিত কৰাৰ লগে লগে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ আন আন কৰ্মচাৰী সকলে গুলী চালনা সংঘটিত কৰা দুই যুৱকৰ মাজৰে ৰূপান্তৰ মৰাণ নামৰ এজন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। পিছত ধৃত যুৱকজনক আৰক্ষীক চমজাই দিয়ে।
আনহাতে স্থানীয় একাংশ লোকে ঘটনা সংঘটিত হোৱা স্থানৰ পৰা মাত্ৰ কেইমিটাৰমানৰ দূৰত্বতে চি আৰ পি এফ আৰু সেনাবাহিনীৰ শিবিৰ থকাৰ পিছতো কেনেদৰে গুলী চালনাৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰে।