NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত পথ দুৰ্ঘটনা সংঘটিত, ৩ গৰাকী আহত

Posted by: দিপক কুমাৰ পাথক April 2, 2018 9:37 pm
তামুলপুৰত পথ দুৰ্ঘটনা সংঘটিত, ৩ গৰাকী আহত

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখাতাৰ ৰঙিয়া-ভূটান পথত আজি সংঘটিত এক পথ দুৰ্ঘটনাত ৩ গৰাকী লোক আহত হয়।

আঘাতপ্ৰাপ্ত লোককেইজনক তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰিকাতাৰ বাসিন্দা হিমান দেউৰী, দ্বিপ দেউৰীৰ পত্নী মেঘালী দেউৰী (৪০) আৰু তেওঁৰ কণ্যা মুৰ্চনা দেউৰী (১৭) বুলি চিনাক্ত কৰা হৈছে।

অঞ্চলটোৰ স্থানীয় লোকৰ পৰা জানিব পৰা মতে, কুমাৰিকাতাৰ পৰা পাঠশালা অভিমুখে গৈ থকা অৱস্থাত এ এছ-০১ এ কিউ-০৯০৮ নম্বৰৰ গাড়ীখনে বৰখাতাত নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰি ৰাষ্টাৰ তলত বাগৰি পৰে।

পিছত স্থানীয়লোকে আঘাতপ্ৰাপ্ত লোককেইজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ নিয়াৰ ব্যৱস্থা কৰি দিয়ে।

তামুলপুৰ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন উদ্ধাৰ কৰে।