NORTHEAST NOW (Assamese)
অসম

তিতাবৰত কৃষক ৰাইজে বন্ধ কৰিলে পানীযোগান প্ৰকল্প

Posted by: এন ই নাও নিউজ ব্যুৰো, তিতাবৰ : November 28, 2017 9:39 am
তিতাবৰত কৃষক ৰাইজে বন্ধ কৰিলে পানীযোগান প্ৰকল্প

গোলাঘাট জিলাৰ তৰফাতত অৱস্থিত বৃহত্তৰ তিতাবৰ পানী যোগান আচনিৰ প্ৰকল্পত কৃষক ৰাইজে আজি তলা লগায়৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টি তিতাবৰলৈ উক্ত পানী যোগান আঁচনিৰ পাইপেৰে আৰ্চেনিক মুক্ত পানী নিয়া হৈছিল। বহু দিন ধৰি পানী যোগান আঁচনিটোৰ পৰা অহৰহ পানী নিৰ্গত হৈ খেতিপথাৰসমূহ নষ্ট কৰি আহিছে। এইক্ষেত্ৰত ৰাইজে পানীৰ পাইপসমূহ মেৰামতি কৰিবলৈ কৰ্তৃপক্ষক অনুৰোধ কৰি আহিছিল যদিও কানসাৰ নিদিয়াত আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট সমিতিৰ উদ্যোগত স্থানীয় কৃষক ৰাইজে অনিৰ্দিষ্ট কাললৈ বৃহত্তৰ তিতাবৰ পানী যোগান প্ৰকল্পটো বন্ধ কৰি দিয়ে। বৰ্তমান পকা ধানৰ পথাৰত দুফুট পানী থকাৰ ফলত ৰাইজেলএতিয়াও ধান কাটিব পৰা নাই ।সেইয়ে ৰাইজে উপায়ন্তৰ হৈ এই সিদ্ধান্ত লয়। যেতিয়ালৈকে নিৰ্গত পানী বন্ধ কৰি স্থানীয় কৃষক ৰাইজৰ সমস্যাটোৰ মোকাবিলা নকৰে তেতিয়ালৈকে তিতাবৰ পানী যোগান প্ৰকল্পটো বন্ধ ৰাখিব বুলি স্থানীয় ৰাইজে জানিব দিয়ে।