ব্যৱসায়ীসকলৰ সৈতে কলকাতাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক

শেহতীয়াকৈ অসম চৰকাৰে অসমক বিনিয়োগৰ লক্ষ্যস্থল হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ যথেষ্ট কষ্ট কৰিছে। বিনিয়োগকাৰীসকলক অসমত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যেই অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত অসমত অনুষ্ঠিত কৰিবলৈ ওলাইছে Global Investors’ Summit 2018. এই অনুষ্ঠানটোলৈ দেশী-বিদেশী ব্যৱসায়ী তথা বিনিয়োগকাৰীৰ অংশগ্ৰহণ নিশ্চিত কৰিবৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী-আমোলাই এক ব্যৱসায়ীসকলক সাক্ষাৎ কৰা আৰু তেওঁলোকৰ সৈতে মত বিনিময় প্ৰয়াস কৰি আছে। একেটা উদ্দেশ্যত অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাপান ভ্ৰমণ কৰি তাৰ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰা বুলি জানিব পৰা গৈছে। একেদৰে কালি স্বয়ং মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কলকাতাত বিনিয়োগ কৰাৰ সম্ভাৱনা থকা ব্যৱসায়ীসকলৰ এক বৈঠকত মিলিত হয়। বৈঠকত তেওঁলোকৰ সৈতে অসমত হ’ব লগীয়া Advantage Assam শীৰ্ষক Global Investors’ Summit 2018 ৰ বিষয়ত মত বিনিময় কৰে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। মুখ্য মন্ত্ৰী সোণোৱালে ব্যৱসায়ীসকলক অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। সূত্ৰটোৱে আমাক জনোৱা মতে, বৈঠকখনত আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান আৰু ম্যানমাৰৰ পৰা অংশগ্ৰহণ কৰা ব্যৱসায়ীসকলে অসমত বিনিয়োগত আগ্ৰহ প্ৰকাশ কৰিছে আৰু তেওঁলোকে ফেব্ৰুৱাৰিত হ’ব লগীয়া উক্ত Global Investors’ Summit 2018 লৈ তেওঁলোকৰ প্ৰতিনিধি পঠিওৱাৰ আগ্ৰহ দেখুৱাইছে।
You may also like
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত আজি এজনী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়৷ বাগৰি বনাঞ্চলৰ ভলুকাজান বিলৰ পাৰত উদ্ধাৰ হোৱা মৃত বাঘজনী পাৰস্পৰিক…
পাঁচ বছৰত সম্পত্তি বৃদ্ধি পাইছে ৫৭৫ শতাংশ; নিজকে ‘সৎ’ বুলি দাবী মহাৰাষ্ট্ৰৰ এইগৰাকী বিজেপি প্ৰাৰ্থীৰ
সন্মুখত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। প্ৰায় ৮ হাজাৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। দেখা গৈছে যে প্ৰাৰ্থীসকলে দাখিল কৰা শপতনামাত বিজেপিৰ পৰাগ শ্বাহ আটাইতকৈ…
অৰবিন্দ কেজৰিৱালক সমালোচনা কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ
দেশৰ ৰাজধানী দিল্লীৰ ক্ৰীড়া মন্ত্ৰ্যালয়টো ভালদৰে চোৱা চিতা কৰিবলৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালক টুইটযোগে অনুৰোধ জনাইছে দেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ…
চীনৰ সহায়ত কিস্তি কিস্তিকৈ ছৌদি আৰৱৰ ঋণ পৰিশোধ পাকিস্তানৰ
বন্ধু ৰাষ্ট্ৰ চীনৰ সহায়েৰে পাকিস্তানে ছৌদি আৰবৰ ঋণ পৰিশোধ কৰিলে। পাকিস্তানে ছৌদি আৰৱক দ্বিতীয় কিস্তিত দিবলগীয়া এক বিলিয়ন ডলাৰ ঋণ বেইজিং প্ৰশানৰ…