NORTHEAST NOW (Assamese)
অসম

দ্বিতীয় দিনাও অব্যাহত আমচাঙৰ উচ্ছেদ অভিযান

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 28, 2017 10:46 am

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে প্ৰশাসনে দ্বিতায় দিনাও আমচাঙত চলাই নিছে উচ্ছেদ অভিযান। আজি আবেলি পৰ্য্যন্ত প্ৰায় ২০০ টা ঘৰ ভঙাৰ লগতে এটা নামঘৰ আৰু এটা মচজিদো ভাঙে। লগতে কেইবা বিঘা মাটি বেদখলৰ পৰা মুকলি কৰা হৈছে বুলি জানিব পৰা গৈছে। মঙলবাৰে পুৱা উচ্ছেদ অভিযান চলাবলৈ গৈ প্ৰশাসনৰ লোকসকল তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল। উচ্ছেদকাৰী আৰু স্থানীয় বাসিন্দাৰ মাজত হতাহতি পৰ্য্যন্ত হোৱা দেখা গৈছিল। এজন লোকে দা লৈ বন বিভাগৰ এজন বিষয়াক আক্ৰমণ কৰাৰ চেষ্টা কৰাৰ অপৰাধ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আনহাতে আজি এটা প্ৰতিক্ৰিয়াত বন বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কয় যে উচ্ছেদকাৰ্য্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চলোৱা হৈছে আৰু ইয়াক বন্ধ কৰা নহয়। প্ৰকৃতি আৰু বন্যপ্ৰাণীক বচাবলৈ এই উচ্ছেদ অপৰিহাৰ্য্য। লগতে তেওঁ কয় গৰাখহনীয়াত সৰ্বস্বান্ত হৈ যিসকল লোকে ইয়াত থিতাপি লৈছিলহি তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখযোগ্য যে অসমত এতিয়া বছৰেকীয়া পৰীক্ষা চলি থকাৰ সময়। গতিকে উচ্ছেদিত পৰিয়ালসমূহৰ সন্তানবোৰৰ শৈক্ষিকভাৱে প্ৰচুৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে।

আনহাতে এই উচ্ছেদ অভিযানত বাধা দিয়াৰ অপৰাধত কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষক মুক্তিৰ নেতাত্ৰয় ক্ৰমে- ধৈৰ্য্য কোঁৱৰ, বেদান্ত লস্কৰ আৰু গোপী শইকীয়াক আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়।