NORTHEAST NOW (Assamese)
অসম

২ এপ্ৰিলত কৃষ্ণাইৰ জনসভাত অংশ ল’ব প্ৰিয়ংকা গান্ধীয়ে

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা March 30, 2021 4:46 pm
a krisgh

দুধনৈ বিধান সভা সমষ্টিত কংগ্ৰেছৰ কোনো প্ৰতিদ্বন্দ্বী নাই ৷ দুধনৈত বিজেপিয়ে বিপুল ভোটৰ ব্যৱধানত দ্বিতীয় স্থানত থাকিব ৷

কাৰণ বিজেপিয়ে ভাৰাতীয়া প্ৰাৰ্থীৰেহে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীক ভাৰাত লৈ নিৰ্বাচনত নমা বিজেপি এইবাৰ পৰাজিত হোৱাটো নিশ্চিত ৷

আজি কৃষ্ণাইৰ এক সংবাদ মেলত এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ দুধনৈ সমষ্টিৰ মিডিয়া চেলৰ দায়িত্বত থকা বালিৰাম বড়োৱে৷

বড়োৰ দাবী বিজেপিৰ উলম্ব বিভাজনে কংগ্ৰছক সহায় কৰিব ৷

কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ বাবে যুগুত কৰা কাৰ্যসূচী প্ৰচাৰৰ বাবে আয়োজন কৰা আজিৰ সংবাদ মেলত বড়োৱে কয় – ৬ এপ্ৰিলত ভোটগ্ৰহণ হ’বলগীয়া গোৱালপাৰা জিলাৰ  চাৰিওটা সমষ্টিতে কংগ্ৰেছে ইতিমধ্যে প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে ৷

কাইলৈ ৩১ মাৰ্চৰ পৰা এই প্ৰচাৰ অভিযান আৰু অধিক সক্ৰিয় হৈ উঠিব ৷

কাইলৈ দুধনৈ সমষ্টিত দিনৰ ২ বজাত ধূপধৰাৰ পৰা কৃষ্ণাইলৈ এক বিশাল ৰেলীত অংশ ল’ব সাংসদ গৌৰৱ গগৈয়ে ৷ তেনেদৰে ১ এপ্ৰিলৰ পুৱা ১০ বজাত দুধনৈ চহৰত অনুষ্ঠিত হ’ব লগীয়া জন সভাত অংশ ল’ব হাগ্ৰামা মহিলাৰীয়ে ৷

২ এপ্ৰিলত কৃষ্ণাইৰ  ঝড়াবৰীত অনুষ্ঠিত হ’ব এক বিশাল জন সভা ৷ সিদিনা পুৱাা ১০ বজাত অনুষ্ঠিতব্য সভা খনত অংশ ল’ব প্ৰিয়ংকা গান্ধীয়ে ৷

সভাখনত অতি কমেও ৫০ হেজাৰ জনতা উপস্থিত থাকিব বুলি আশা ব্যক্ত কৰে বালিৰাম বড়োৱে ৷

কৃষ্ণাই ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত আয়োজিত আজিৰ সংবাদ মেলত উপস্থিত থাকে কংগ্ৰেছৰ মিডিয়া চেলৰ সহযোগী আয়ুৱ খান আৰু কৃষ্ণাই ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ডা° দিলীপ কুমাৰ ঘোষ ৷