NORTHEAST NOW (Assamese)
অসম

৭০ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল : উদ্বোধনী খেলত মৰ্ণিং ষ্টাৰ বিজয়ী

Posted by: মিণ্টু দাস October 1, 2018 6:24 am
nagaon football photo

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা আগশাৰীৰ নগাঁৱৰ সৰ্বভাৰতীয় ৭০ সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি দেওবাৰৰ পৰা পৰা আৰম্ভ হৈছে। নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত নৈশালোকত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ উদ্বোধনী খেলত ডিফুৰ মৰ্ণিং ষ্টাৰ ক্লাৱে নগাঁৱৰ অম্লান গোষ্ঠীক ২-১ গ’লত পৰাজিত কৰে।

খেলখনত মৰ্ণিং ষ্টাৰৰ হৈ গ’ল দুটা ক্ৰমে গীন মিনঠাং হানসিং আৰু এৱেল হামন্ডেয়ে দিয়াৰ বিপৰীতে অম্লান গোষ্ঠীৰ হৈ একমাত্ৰ গ’লটো দিয়ে নিৰৱ বৰদলৈয়ে। খেলখন পৰিচালনা কৰাত ৰেফাৰী লুকু দাসক সহায় কৰে দিব্যজ্যোতি শৰ্মা, পবিত্র বৰা আৰু শোণিত কুমাৰ বৰা (চতুৰ্থ)ই |

আনহাতে, এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাবে উদ্বোধন কৰে প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দেৱাশীষ ৰয়ে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্রী তথা নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোহাঁই, বিধায়ক তথা নগাঁও ক্ৰীড়া সংস্থাৰ উপ-সভাপতি ৰূপক শৰ্মা, ৰাজ্যৰ প্ৰাক্তন ক্ৰীড়া আয়ুক্ত স্বপ্ননীল বৰুৱাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

উদ্বোধনী অনুষ্ঠানতে শতাধিক প্ৰাক্তন খেলুৱৈক বিশেষভাবে সম্বধৰ্না জনোৱা হয়। ইপিনে, দেওবাৰে অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত খ্যাতনামা সংগীত শিল্পী ভৃগু কাশ্যপে সংগীত পৰিৱেশন কৰে।

প্ৰতিযোগিতাখনৰ আজিৰ খেলত মৰাণ টাউন ক্লাৱে বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।