NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত বিধায়ক সঞ্জয় কিষাণৰ উদ্যোগত যক্ষ্মা ৰোগৰ সজাগতা অনুষ্ঠান

Posted by: মানস প্ৰতিম গগৈ June 25, 2018 5:57 pm
TB awareness program at Tinsukia

চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চল চোট টিংৰাইত বাৰিষাৰ প্ৰাকমূহূৰ্তত যক্ষ্মা ৰোগৰ প্ৰাদূৰ্ভাৱৰ পৰা হাত সাৰিবৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ উদ্যোগত আৰু ডিষ্ট্ৰিক হেল্থ ছ’চাইটিৰ সহযোগত আজি যক্ষ্মা ৰোগৰ এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত কেইবাগৰাকীও জিলা স্বাস্থ্য বিষয়াই উপস্থিত লোকসকলক যক্ষ্মা ৰোগ সম্বন্ধে তথ্য আগবঢ়োৱাৰ লগতে যক্ষ্মা ৰোগৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা আৰু ৰোগাক্ৰান্ত হ’লে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত ৰাইজক  অৱগত কৰে।

অনুষ্ঠানটোত বিধায়ক কিষাণৰ লগতে মুখ্য অতিথি ৰূপে জুবিন গাৰ্গৰ সহধৰ্মীনি গৰীমা শইকীয়া গাৰ্গ, জিলা উপায়ুক্ত ঐনাম চৰন কুমাৰ সিং, অতিৰিক্ত উপায়ুক্ত পি পি বৈৰাগী,  এবিটাৰ মেডিকেল শাখা সমিতিৰ সঞ্চালক পূৰ্ণানন্দ খাওন্দ প্ৰমুখ্যে কেইবাজনো গণ্য মান্য লোক উপস্থিত আছিল।

বিশেষজ্ঞ সকলে উপস্থিত লোকসকলক যক্ষ্মা ৰোগৰ সৈতে জড়িত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা আঁতৰি আহি যক্ষ্মা হ’লে কোনোধৰণৰ ইতস্ততঃবোধ নকৰি যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ ওচৰলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়।