NORTHEAST NOW (Assamese)
অসম

জালুকবাৰীত হিমন্তৰ প্ৰত্যাহ্বান হিচাপে থিয় দিব নেকি লুৰিণজ্যোতি গগৈ?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 2, 2020 6:54 am
Himanta VS Lurin

সমাগত ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। ২১’ৰ নিৰ্বাচন সমাগত হোৱাৰ লগে লগে সঘনে সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট। নিৰ্বাচন সমাগত হৈ অহাৰ লগে লগে ৰাজনৈতিক মহলত চলিছে বিভিন্ন চৰ্চা।

তাৰ মাজতে এক চৰ্চা চলিছে যে জালুকবাৰী সমষ্টিত এইবাৰ মূল প্ৰতিদ্বন্দী হিচাপে থিয় দিব কোন?

২০০১ চনৰে পৰা সাংঘাতিক এক ভোট অংকৰ ব্যৱধানত মূল প্ৰতিদ্বন্দী প্ৰাৰ্থীক পৰাস্ত কৰি অহা ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখলৈ ২১’ত আহিব নেকি প্ৰত্যাহ্বান?

এইক্ষেত্ৰত অধিকৰূপত চৰ্চা চলিছে আছুৰ পৰা সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নাম বা প্ৰসংগ।

এনেভাৱেও চৰ্চা চলিছে যে ২১’ত ৰাজ্যৰ ৰাজনীতিত একপ্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিব নেকি লুৰিণজ্যোতি গগৈয়ে?

কিয়নো বীৰদৰ্পে দুলীয়াজান অধিৱেশনতে আছুৰ পৰা পদত্যাগ কৰি লুৰিণে বজ্ৰ গৰ্জন দি জাতীয়তাবাদী চিন্তা চৰ্চাৰে জনতাৰ হৈ সেৱা আগবঢ়াই যোৱাৰ কথা ঘোষণা কৰিছিল।

আনকি অসমৰ স্বাভিমানৰ বাবে আপোচবিহীন, জাতীয় যোদ্ধা হিচাপে জীয়াই থাকিবলৈ লক্ষ্য আছে বুলিও হুংকাৰ দিছিল লুৰিণজ্যোতিয়ে।

এনে পৰিপ্ৰেক্ষিতত এক বিশ্বস্ত সুত্ৰই জনোৱা মতে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰি অহা জালুকবাৰী সমষ্টিৰ পৰাই প্ৰতিদ্বন্দিতা কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে।

ইপিনে, চৰ্চা চলা অনুসৰি ২১’ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিচপুৰ এৰি দিল্লীৰ ৰাজনীতিলৈ ৰাওনা হ’ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই গতিকে তেওঁ সমষ্টিটোত প্ৰাৰ্থী হিচাপে পত্নী ৰিণিকি ভুঞা শৰ্মাক থিয় কৰোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ঠিক সেইদৰে বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বানৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘কা বিৰোধী আন্দোলন’ৰ সময়ৰ পৰা কটু সমালোচনা কৰি আহিছিল লুৰিণজ্যোতিয়ে। আনকি এতিয়াও সুযোগ বুজি মন্ত্ৰীগৰাকীক সমালোচনাৰ লক্ষ্য কৰি লয় লুৰিণে।

তাৎপয্যপূৰ্ণভাৱে, জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছিত দহ সহস্ৰাধিক লোকৰ উপস্থিতিত বজ্ৰনিনাদ কৰাৰ লগতে একপ্ৰকাৰে হিমন্তৰ বিৰুদ্ধে লুৰিণজ্যোতিয়ে শক্তি প্ৰদৰ্শন কৰিছিল।

বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান জনাই অহা লুৰিণৰ এইবাৰ টাৰ্গেট হয়তো জালুকবাৰী দখল কৰা। খুব সোনকালে অসম জাতীয় পৰিষদত যোগদান কৰিব আছুৰ পদত্যাগী সাধাৰণ সম্পাদকগৰাকীয়ে।

ইপিনে, কিছুদিন পূৰ্বে অসম জাতীয় পৰিষদৰ আহ্বায়ক অদীপ ফুকনে জালুকবাৰী সমষ্টি দখল কৰাটো তেওঁলোকৰ লক্ষ্য হ’ব বুলি উচ্চস্বৰে ঘোষণা কৰিছিল।

আন এক সুত্ৰই জনোৱা অনুসৰি জালুকবাৰী সমষ্টিটোত জাতীয়তাবাদত বিশ্বাসী লক্ষাধিক লোক এতিয়াও আছে যি সঁচাকৈয়ে সমষ্টিটোত জাতীয়তাবাদৰ ধ্বজা উৰুৱাবলৈ ইচ্ছুক।

বিশেষকৈ অসম আন্দোলনৰ সময়ৰে পৰা জালুকবাৰী সমষ্টিটোত আছে জাতীয়তবাদৰ প্ৰাসংগিকতা। জালুকবাৰী সমষ্টিৰে অন্তৰ্ভুক্ত গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়াও জাতীয়তাবাদৰ প্ৰসংগই আগস্থান পায়। তাহানিৰ আছুৰ কাৰ্য্যালয় এতিয়াও মূৰ তুলি থিয় হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদতে।

ঠিক সেইদৰে অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী প্ৰয়াত ভৃগু ফুকনো এই জালুকবাৰী সমষ্টিৰে। সমষ্টিটোত তেওঁৰ জিয়ৰী উপাসনা ফুকনৰো গুৰুত্ব সৰ্বাধিক।

সুত্ৰ অনুসৰি তেওঁৱো অসম জাতীয় পৰিষদত শীঘ্ৰে যোগদান কৰাৰ সম্ভাৱনা আছে। সেয়েহে অসম জাতীয় পৰিষদৰ সমষ্টিটোত উত্থান ঘটি নিশ্চয়কৈ দক্ষ আৰু প্ৰতাপী মন্ত্ৰী হিমন্তলৈ একপ্ৰকাৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিব।

ইপিনে, অসম জাতীয় পৰিষদৰ আন এক সুত্ৰই জনোৱা অনুসৰি বৰ্তমানলৈকে অনলাইনৰ জৰিয়তেই সমষ্টিটোত প্ৰায় ৫৮ হাজাৰ সদস্য ভৰ্তি হৈছে। হিমন্তবিশ্বৰ সমৰ্থকে দপদপাই থকা জালুকবাৰী সমষ্টিটোত এই সংখ্যাও নিশ্চয়কৈ নুই কৰিব নোৱাৰি।

মুঠৰ ওপৰত যিয়েই প্ৰাৰ্থী থিয় নহওঁক এইবাৰ জাতীয়তাবাদী শিবিৰ আৰু ৰাষ্ট্ৰীয়তাবাদী শিবিৰৰ মাজত হোৱা হাইভল্টেজ যুঁজখন জালুকবাৰীত নিশ্চয়কৈ লক্ষণীয় হ’ব।

এনে সময়তে বহুতে চৰ্চা কৰিছে সমষ্টিটোত মূল যুঁজখন লুৰিণ আৰু ৰিণিকিৰ মাজতে হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো প্ৰচাৰত বাদ দি হিমন্ত বিশ্ব শৰ্মাই নিজেই এই যুঁজত পোনপটীয়াকৈ ননমাৰে সম্ভাৱনা প্ৰকট।

ইপিনে, প্ৰায় প্ৰত্যেকদিনাই সুযোগ বুজি ঠাট্টা-মস্কৰাৰে সমালোচনা কৰি থকা লুৰিণজ্যোতিৰ ক্ষেত্ৰত কালি হঠাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৰম স্থিতিহে দেখিবলৈ পোৱা গ’ল। একপ্ৰকাৰ লুৰিণৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল হিমন্ত।

মন্ত্ৰীগৰাকীয়ে কয়- লুৰীণে উচিত সময়ত সঠিক সিদ্ধান্ত লৈছে। মতাদৰ্শ বেলেগ হ’লেও সঠিক কামেই কৰিছে। এসময়ত ময়ো আছু ত্যাগ কৰি ৰাজনীতিত প্ৰৱেশ কৰিছিলো। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে আছু হ’ব লাগে বোঁৱতি নদীৰ দৰে। এচাম ওলাব লাগে, এচাম সোমাব লাগে।

মন্ত্ৰীগৰাকীৰ এই মন্তব্যই কিহৰ ইংগিত সুচাইছে সেয়া সময়ত নিশ্চয়কৈ লক্ষণীয় হ’ব।

আন এক সুত্ৰই জনোৱা অনুসৰি লুৰিণজ্যোতিয়ে দুটাকৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। আনটো সমষ্টি দুলীয়াজান নাইবা মাহমৰা হ’ব পাৰে বুলি সুত্ৰটোৱে জনায়।