NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াৰ নামফাই বনাঞ্চলত বোকাত আবদ্ধ অসুস্থ বনৰীয়া হাতী পোৱালি

Posted by: মানস প্ৰতিম গগৈ June 30, 2018 7:43 pm

তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নামফাই সংৰক্ষিত বনাঞ্চলত কৰুণ মৃত্যুৰে যুঁজি আছে এটি বনৰীয়া দঁতাল হাতী পোৱালিয়ে। হাতীটোৰ গাত আঘাতৰ চিন থকালৈ চাই হাতীটোক কোনো দুৰ্বৃত্তৰ গুলী কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।

হাতীটো আঘাতপ্ৰাপ্ত হৈ বোকাত আবদ্ধ হৈ থকাৰ খবৰ স্থানীয় লোকে জাগুন বন বিভাগক অৱগত কৰাত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।সম্প্ৰতি হাতীটো উদ্ধাৰৰ বাবে বন বিভাগে প্ৰচেষ্টা চলাই থকাৰ লগতে পশু চিকিৎসকে চিকিৎসা সেৱা আগবাঢ়াই আছে।

অন্যহাতে ৰাইজৰ দাবীৰ বিপৰীতে অত্যধিক পেলু হোৱাত অতিকৈ দুৰ্বল হোৱাৰ বাবেই ৯-১০ বছৰীয়া হাতীটো সামান্য বোকাতে আবদ্ধ হৈ পৰে বুলি জানিবলৈ দিছে জাগুন আঞ্চলিক বন বিষয়া পদুম বৰপাত্ৰগোহাঁয়ে জানিবলৈ দিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এই অঞ্চলটোত কেইবাটাও বনৰীয়া হাতী এনেদৰে মৃত্যুমুখত পৰিছিল। হাতীটো কঠা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বুলি জানিব পৰা গৈছে।