NORTHEAST NOW (Assamese)
অসম

বোকাখাতত যাত্ৰীবাহী বাছত চুৰি : মহিলা আটক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 27, 2019 6:32 am
Bus theft (1)

বোকাখাতত দিন দুপৰতে যাত্ৰীবাহী বাছত চোৰ ৷ যাত্ৰীৰ বেগ খুলি সামগ্ৰী চুৰি কৰাৰ অপৰাধত বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলাক ৷

ডিব্ৰুগড়ৰ পৰা নগাওঁলৈ বুলি আহি থকা এ এছ ০১ বি চি ৫১৬৫ নম্বৰৰ মনিকাঞ্চন নামৰ যাত্ৰী বাহী বাছখন যাত্ৰীৰ দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে বোকাখাতৰ ৰাজ্যিক বাছ আস্থানত ৰখায় ৷

সেইসময়তে গাড়ীত যাত্ৰী নথকাৰ সুযোগ লৈ এগৰাকী মহিলাই যাত্ৰীৰ বেগৰ পৰা সামগ্ৰী চুৰি কৰে ৷

বাছখনত মৰানৰ পৰা নগাওঁলৈ বুলি আহি থকা পৰিস্মিতা গগৈ উভতি আহি নিজৰ বেগটো পূৰ্বৰ স্থানত নাপাই বাছত অকলে থকা মহিলা গৰাকীক প্ৰশ্ন কৰাত মহিলা গৰাকীয়ে পৰিস্মিতাৰ লগত তৰ্ক যুদ্ধ আৰম্ভ কৰি শাৰীৰিকভাৱে অপদস্থ কৰে ৷

মহিলাগৰাকীয়ে নিজৰ বেগৰ পৰা এখন চুৰি উলিয়াই পৰিস্মিতা গগৈক আক্ৰমণ কৰে আৰু হুলস্থুলৰ সৃষ্টি হয় ৷

নগৰখনত কৰ্মৰত আৰক্ষীয়ে সামগ্ৰী চোৰ কৰা মহিলা গৰাকীক কৰায়ত্ত কৰি বোকাখাত থানালৈ আনে ৷

থানাত মহিলা গৰাকীৰ বেগ আৰু দেহত পৰীক্ষা কৰাত মহিলা আৰক্ষীয়ে ৩ টা ম’বাইল,হেডচু ব্লেড, নগদ ৪২০০/- টকা, ৰূপৰ অলংকাৰ,ভালে সংখ্যক ছিম কাৰ্ড আৰু কিছু সংখ্যক পিন্ধা কাপোৰৰ উপৰিও পৰিস্মিতা গগৈৰ বেগৰ পৰা চুৰ কৰা সামগ্ৰীও উদ্ধাৰ হয় ৷

যাত্ৰীবাহী বাছত চুৰি কাৰ্য সংঘৰ্টিত কৰা মহিলা গৰাকীয়ে নিজকে চুলতানা খাতুন বুলি পৰিচয় দিয়ে ৷ তেওঁৰ ঘৰ নগাওঁৰ চান্দমাৰীত বুলি আৰক্ষীক জনায় ৷

মহিলা গৰাকী বৰ্তমান বোকাখাত আৰক্ষী থানাত আছে ৷ ঘটনাৰ সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।