NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ পৰা বাদ পৰা ১ লাখ গোৰ্খা লোকক অন্তৰ্ভুক্তিৰ দাবীত ধৰ্ণা

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী September 26, 2019 10:49 pm
IMG-20190926-WA0018

এন আৰ চিৰ পৰা ১ লাখ গোৰ্খা লোক বাদ পৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম গোৰ্খা সন্মিলন, কোকৰাঝাৰ জিলা সমিতিয়ে তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে।

কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ শিশু উদ্যানত গ্ৰহণ কৰা ধৰ্ণা কাৰ্যসূচীত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা এশৰো অধিক গোৰ্খা সম্প্ৰদায়ৰ লোকে অংশ লয়।

ধৰ্ণা কাৰ্যসূচীৰ পাছতে প্ৰতিবাদকাৰী সকলে কোকৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

১ লাখৰো অধিক গোৰ্খা লোক চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে অতি শীঘ্ৰে এই লোকসকলক এন আৰ চিত অন্তৰ্ভুক্তিৰ দাবী জনাইছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু চেত্ৰী আৰু অসম গোৰ্খা সন্মিলনৰ বিটিএডি আঞ্চলিক কমিটিৰ সাধাৰণ সম্পাদক বিকাশ চুবেদিয়ে।

ইফালে বাদ পৰা লোকসকলক পুনৰ অন্তৰ্ভুক্তিৰ বাবে যদিহে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে গোৰ্খা সংগঠন দুটাই আন্দোলন অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে।