NORTHEAST NOW (Assamese)

তিনিচুকীয়াৰ লেখাপানীত উত্তপ্ত পৰিস্থিতি; ছোৱালীক ‘অশালীন ব্যৱহাৰ কৰা যুৱকক’ বাছৰ পৰা নমাই মাৰ

June 30, 2018 10:48 pm · মানস প্ৰতিম গগৈ
Updated: June 30, 2018 10:53 pm

এগৰাকী ছাত্ৰীক বাছত অশালীন ব্যৱহাৰ কৰাৰ এক ঘটনাক কেন্দ্ৰ কৰি আজি ৩০ জুনত তিনিচুকীয়া জিলাৰ লেখাপানীত সৃষ্টি হয় তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি। ছাত্ৰীগৰাকীক অশালীন ব্যৱহাৰ কৰা বুলি অভিযুক্ত যুৱকজনক ৰাইজে বাছৰ পৰা নমাই মাৰ ধৰাৰ লগতে যুৱকজনক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰ দলকো মাৰিবলৈ চোঁচা লোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

আৰক্ষীয়ে ৰাইজক বুজনি দি অভিযুক্তক লেখাপানী থানালৈ অনিবলৈ সক্ষম হৈছে যদিও ৰাইজে যুৱকজনক তেওঁলোকৰ হাতত গতাই দিয়াৰ দাবীত এতিয়ালৈকে লেখাপানী থানা ঘেৰাও কৰি ৰাখিছে।

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী কামাণ্ডোৰ বৃহৎ বাহিনী মোতায়ন কৰা হৈছে।

অভিযোগ অনুসৰি লেখাপানী থানাৰ অন্তৰ্গত কৰিয়াপানীৰ ৰাহুল সোণোৱাল (২৪ বছৰীয়া) নামৰ যুৱকজনে আজি মাৰ্ঘেৰিটাৰ পৰা ঘৰলৈ এখন বাছত আহি থকা অৱস্থাত লেখাপানীৰ তিনিমাইলৰ যুৱতী, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীক বাছৰ ভিতৰত অশালীন ব্যৱহাৰ কৰে। ঘটনা সম্পৰ্কে অৱগত হৈ লেখাপানী তিনিমাইলত শতাধিক উত্তেজিত ৰাইজে যুৱকজনক বাছৰ পৰা নমাই আনি মাৰ সোধায়।

Related News