NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কুজুপথাৰ গাঁৱত তিনিটা চাইনিজ গ্ৰেণেড উদ্ধাৰ

Posted by: এন ই নাও নিউজ May 6, 2018 3:21 pm

তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কুজুপথাৰ গাঁৱত সেনাই আজি তিনিটাকৈ চাইনিজ গ্ৰেণেড উদ্ধাৰ কৰে।

সেনাই তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কলিয়া বৰাৰ বাসগৃহৰ পৰা চাইনিজ গ্ৰেণেড তিনিটা উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে শুকুৰবাৰে আলফা (স্বাঃ)এ আৰু আৰক্ষী আৰু চি আৰ পি এফৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। সংঘৰ্ষৰ পিছতে কলিয়া বৰাৰ ঘৰত আত্মগোপন কৰিছিল আলফা (স্বাঃ)ৰ কেডাৰে। আৰু এই সংঘৰ্ষতে নিহত হৈছিল বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা।

আনহাতে আলফা (স্বাঃ)ৰ দুজন সদস্য এই সংঘৰ্ষত নিহত হোৱাৰ লগতে দুগৰাকী মহিলা সদস্যক আটক কৰিবলৈ আৰক্ষী সক্ষম হৈছিল।

বৰ্তমান সমগ্ৰ অঞ্চলটো শতাধিক সেনাই ঘেৰাও কৰি ৰাখিছে বুলি জানিব পৰা গৈছে।