NORTHEAST NOW (Assamese)
অসম

মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ মম জ্বলাই প্ৰতিবাদ : গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 19, 2024 10:00 pm

চুবুৰীয়া ৰাজ্য মণিপুৰত হত্যা-হিংসা বন্ধ কৰাৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছে দীঘলীপুখুৰীৰ পাৰত সন্ধিয়া ৫ বজাৰ পৰা মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

শ শ কংগ্ৰেছ কৰ্মীয়ে দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ কৰি থকাৰ সময়তে আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক আগুৱাই যোৱাত বাধা প্ৰদান কৰে আৰু তেতিয়াই কংগ্ৰেছৰ নেতা-কৰ্মীসকলে বিজেপি মূৰ্দাবাদ, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ, গৃহমন্ত্ৰী অমিত শ্বাহে পদত্যাগ কৰক, মণিপুৰৰ বিজেপি চৰকাৰক বৰ্খাস্ত কৰক আদি ধ্বনি দিবলৈ আৰম্ভ কৰে।

প্ৰতিবাদস্থলীত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কংগ্ৰেছ কৰ্মীসকলক নেতৃত্ব দিয়ে। দীঘলীপুখুৰীৰ পৰা হাতত মম লৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ফালে আগবাঢ়িছিল যদিও আৰক্ষীয়ে সমদলটোক আগবঢ়াত বাধা দিয়ে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কংগ্ৰেছ কৰ্মীসকলক সম্বোধন কৰি কয় যে বিজেপিয়ে জনগোষ্ঠীসমূহৰ মাজত ভেদ-ভাৱ সৃষ্টি কৰি মণিপুৰক অশান্ত কৰি তুলিছে।

মণিপুৰলৈ প্ৰধানমন্ত্ৰী কিয় নাহে বুলি প্ৰশ্ন কৰি শইকীয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত হৈ থকা হত্যা-হিংসাক গুৰুত্ব দিব নোখোজাতো দেশৰ সংবিধান বিৰোধী কথা। মণিপুৰত নাৰী আৰু শিশুৰ অধিকাৰ সম্পূৰ্ণৰূপে খৰ্ব হৈছে। মানৱ অধিকাৰৰ বধ্যভূমিত পৰিণত হৈ পৰিছে মণিপুৰ।

প্ৰধানমন্ত্ৰীক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে দাবী জনাই বিৰোধী দলৰ নেতা শইকীয়াই। প্ৰতিবাদস্থলীত প্ৰাক্তন সাংসদ ৰিপুণ বৰা, আব্দুল খালেকেও বিজেপিৰ অপশাসনৰ ফলতেই মণিপুৰ আজি জ্বলি আছে বুলি অভিযোগ কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি পূৰ্ণকান্ত গগৈ, ৰূপা দেউৰী, জ্যেষ্ঠ নেতা বলীন কুলী, ৰামান্না বৰুৱা, বিপুল গগৈ, দ্বীপ বায়ন, প্ৰদ্যুৎ ভূঞা প্ৰমুখ্যে কংগ্ৰেছ নেতাসকল উপস্থিত থাকে। প্ৰতিবাদী সভাখনৰ আঁত ধৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।