NORTHEAST NOW (Assamese)
Uncategorized

উপায়হীন বৃদ্ধ : পুত্ৰ আৰু নাতিৰ মৃতদেহক লৈ বেপাৰ চৰকাৰী চিকিৎসালয়ৰ, এম্বুলেন্স আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধন দাবী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 19, 2024 11:10 pm

যোৱা ৭ নবেম্বৰ তাৰিখে গহপুৰৰ সোলেঙী অঞ্চলত সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা।

মৃগাংক শইকীয়া নামৰ এগৰাকী মানসিকভাবে ভাৰাক্ৰান্ত ব্যক্তিয়ে নিজৰ ৭ বছৰীয়া পুত্ৰ ৰিমন শইকীয়াক হত্যা কৰি নিজেও আত্মহত্যা কৰিছিল।

কিন্তু এতিয়া মৃগাংক শইকীয়াৰ পিতৃ তথা ৰিমন শইকীয়াৰ ককাদেউতাক সিদানন্দ শইকীয়াই উত্থাপন কৰা এক অভিযোগে জোকাৰিছে ৰাজ্যৰ চিকিৎসা বিভাগ।  

অভিযোগ অনুসৰি, পুত্ৰ আৰু নাতিৰ মৰণোত্তৰ পৰীক্ষা আৰু মৃতদেহ কঢ়িওৱা এম্বুলেন্সৰ বাবে ২৫,০০০ টকা দাবী কৰিছিল বিহালীৰ চিকিৎসকৰ দলে। লগতে আৰক্ষীয়েও ধন বিচৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহসমূহ বেহালীলৈ নিবলৈ এটা মৃতদেহৰ বাবদ ৭ হাজাৰ টকাকৈ  দিয়াৰ বিপৰীতে চিকিৎসকক প্ৰতিটো মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৬০০০ টকাকৈ ধন দিব লগা হৈছিল সিদানন্দ শইকীয়াই। লগতে, মৰণোত্তৰ পৰীক্ষাগাৰৰ চাফাই কৰ্মীয়েও লৈছিল ২০০০ কৈ টকা।

এই ঘটনাৰ পিছত এতিয়া বিভাগে চিকিৎসালয়খনৰ চিকিৎসকৰ ওপৰত বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে যদিও এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে স্থানীয় ৰাইজে।