NORTHEAST NOW (Assamese)

তিনিচুকীয়া জিলাৰ লিডুত সেনা বাহিনীৰ খোৱা পানী যোগান আঁচনি উদ্বোধন

March 24, 2018 10:49 pm · এন ই নাও নিউজ

ভাৰতীয় সেনাই স্কুলীয়া ছাত্ৰ-ছাত্ৰীক বিশুদ্ধ খোৱা পানী যোগানৰ উদ্দেশ্যে নিৰ্মাণ কৰিলে পানী যোগান আঁচনি।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত চিপে গাঁৱত ভাৰতীয় সেনাৰ ১৩নং কুমাও ৰেজিমেন্টে সদ্ভাৱনা আঁচনিৰ ধনেৰে নিৰ্মাণ কৰে দুটাকৈ পানী যোগান আঁচনি৷ এটা চিপে গাঁৱৰ ৰাজহুৱা নামঘৰ প্ৰাংগণত আৰু আনটো গাঁওখনৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত স্থাপন কৰে।

শনিবাৰে প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতিত গাঁওখনত সেনা বিষয়াই পানী যোগান আঁচনি উদ্ধোধন কৰে। লগতে সেনাৰ এনে কাৰ্যৰ শলাগ লৈ স্থানীয় লোক সকলে সেনাৰ জোৱানসকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনায়।

উল্লখেযোগ্য যে সদ্ভাৱনা আঁচনিৰ জৰিয়তে সেনাই দুৰ্গম এলেকাৰ বঞ্চিত-অৱহেলিত লোক সকলক সহায় কৰি আহিছে। খোৱাপানীৰ সমস্যাৰ উপৰিও যাতায়াত, বিশুদ্ধ খোৱাপানী, বিদ্যুতৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীৰ স্কুল গৃহ, চাইকেল আস্থান, প্ৰস্ৰাৱগাৰ আদিও নিৰ্মাণৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াই আহিছে।

 

 

Related News