NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাক প্ৰাপ্য পুঁজিৰ পৰা বঞ্চিত কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে, চি পি আই (এম)ৰ অভিযোগ

Posted by: পান্না ঘোষ January 18, 2018 5:37 pm
ত্ৰিপুৰাৰ জলেবাসাত চি পি আই (এম)ৰ সমাৱেশ

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চি পি আই (এম)এ ৰাজ্যখনত ইয়াৰ নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে পানীসাগৰ মহকুমাৰ জলেবাশা অঞ্চলত আজি চি পি আই (এম)এ এক জনসমাৱেশৰ আয়োজন কৰে।

জনসমাৱেশখন সম্বোধন কৰি মন্ত্ৰী মানিক দে’ই ত্ৰিপুৰাই পাবলগা পুঁজিৰ পৰা ৰাজ্যখনক ধাৰাৱাহিকভাৱে বঞ্চিত কৰি অহাৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে। তেওঁ কয় যে বিজেপিয়ে ৰাজ্যখনক সকলো সা-সুবিধাৰ পৰা ধাৰাৱাহিকভাৱে বঞ্চিত কৰি আহিছে।

দে’ই লগতে ১৮ ফেব্ৰুৱাৰিত পূৰ্ব নিৰ্ধাৰিত সূচী অনুযায়ীয়েই ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বাবে নিৰ্বাচন আয়োগক ধন্যবাদ জ্ঞাপন কৰে।

জনসমাৱেশখনত পৰিৱহন মন্ত্ৰী মানিক দে’ আৰু প্ৰাক্তন বিধায়ক অমিতাভ দত্তৰ লগতে অন্যান্য নেতাও উপস্থিত থাকে।

উল্লেখযোগ্য যে কালি ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ কে জ্যোতিয়ে ত্ৰিপুৰাৰ লগতে নিৰ্বাচন হ’বলগা মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ দিনো ঘোষণা কৰিছিল। অহা ৩ মাৰ্চত তিনিওখন ৰাজ্যৰে ফলাফল ঘোষণা কৰা হ’ব।