NORTHEAST NOW (Assamese)
অসম

ওডালগুৰিত অস্ত্ৰসহ এন ডি এফ বি (সং) সদস্য আটক সেনা, আৰক্ষীৰ

Posted by: ছাজিদ খান January 18, 2018 4:47 pm
এন ডি এফ বি (সং)

ভাৰতীয় সেনাৰ ১৪ নং ডোগ্ৰা ৰেজিমেণ্ট আৰু ওডালগুৰি আৰক্ষীয়ে চোৰাংচোৱাৰ নিৰ্দিষ্ট তথ্যৰ আধাৰত যুটীয়া অভিযান চলাই ওডালগুৰিৰ খৈৰাবাৰী আৰক্ষী থানাৰ চিনাকোনা অঞ্চলৰ পৰা আজি ৰাতিপুৱা এন ডি এফ বি (সং)ৰ এজন যোগাযোগ ৰক্ষাকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

আটকাধীন লোকজনক মুক্তা বড়ো (৩৫ বছৰ) বুলি চিনাক্ত কৰা হৈছে। লোকজনৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা ইটালিত নিৰ্মীত ৭.৬৫ এম এমৰ পিস্তলৰ লগতে ৪ জাঁই সক্ৰিয় গুলি জব্দ কৰে।

উগ্ৰপন্থী সদস্য জনক খৈৰাবাৰী আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে। খৈৰাবাৰী আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলৰ বিভিন্ন ধন দাবীৰ ঘটনাৰ সৈতে লোকজন জড়িত আছিল বুলি নিৰাপত্তা বাহিনীৰ সূত্ৰই দাবী কৰিছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে গণৰাজ্য দিৱসৰ দিন তেনেই চমু চাপি অহাৰ সময়তে অসমৰ বিভিন্ন প্ৰান্তত উগ্ৰপন্থী কাৰ্য্যকলাপ বৃদ্ধি পাইছে। শেহতীয়াকৈ উজনিৰ তিনিচুকীয়া জিলাৰ জাগুনত তেল পৰিবাহী টেংকাৰ জ্বলাই দিয়াৰ ঘটনাটোও উগ্ৰপন্থীয়েই সংঘটিত কৰা বুলি নিৰাপত্তা বাহিনীয়ে সন্দেহ কৰিছে।