NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত অন্য ধৰণে সক্ষমসকলক সহায়ক সামগ্ৰী বিতৰণ কেন্দ্ৰীয় মন্ত্ৰীৰ

January 17, 2018 3:46 pm · পান্না ঘোষ
ত্ৰিপুৰাত অন্য ধৰণে সক্ষম ব্যক্তিক সাহায্য বিতৰণ কেন্দ্ৰীয় মন্ত্ৰীৰ

কেন্দ্ৰীয় সমাজ কল্যাণ বিভাগে কালি ত্ৰিপুৰাৰ কুমাৰ্ঘাত পি ডব্লিউ ডি খেলপথাৰত অয়োজন কৰা এক জন অধিকাৰিক শিৱিৰত অন্য ধৰণে সক্ষম লোকসকলৰ মাজত প্ৰায় ১ কোটি ৫০ লাখ টকা মূল্যৰ সামগ্ৰী বিতৰণ কৰে।

উনাকতি, উত্তৰ আৰু ধালাই জিলাৰ পৰা অহা লোকসকলে এই শিৱিৰত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্যিক মন্ত্ৰী ৱিজয় চাম্প্লাই দুপৰীয়া ১২ বজাত এই অনুষ্ঠানটো উদ্বোধন কৰাৰ কথা আছিল যদিও হেলিকপ্তাৰৰ অসুবিধাৰ বাবে মন্ত্ৰীগৰাকী পথেৰে আহি গধুলি ৫ বজাতহে উপস্থিত হয়।

অনুষ্ঠানটোত ২৫০০ গৰাকী অন্য ধৰণে সক্ষম ব্যক্তিৰ মাজত হুইল চ্চেয়াৰ, শ্ৰৱন যন্ত্ৰকে ধৰি অন্যান্য সামগ্ৰী বিতৰণ কৰে।

অনুষ্ঠানটোত উনাকতিৰ সভাধিপতি কল্পনা দেবনাথো উপস্থিত থাকে। ৰাজ্যিক সমাজ কল্যাণ মন্ত্ৰী বিজিতা নাথ, জিতেন চৌধুৰি আদি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অনুষ্ঠানটোত উপষ্ঠিত নাছিল।

Related News