NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত এছ এফ আই আৰু এ বি ভি পিৰ সমৰ্থকৰ মাজত মাৰপিট সংঘটিত

February 21, 2018 10:30 pm · পান্না ঘোষ
Updated: February 21, 2018 10:57 pm
প্ৰতিনিধিত্বমূলক ছবি

ত্ৰিপুৰাৰ ধৰ্মনগৰ ডিগ্ৰি কলেজত এছ এফ আই আৰু এ বি ভি পিৰ সমৰ্থক সকলৰ মাজত আজি সংঘটিত এক মাৰপিটৰ ঘটনাত এগৰাকী ছোৱালীকে ধৰি ৫ গৰাকী আহত হয়।

প্ৰাপ্ত তথ্য মতে এছ এফ আইৰ সমৰ্থকসকলে এ বি ভি পিৰ কৰ্মীসকলক মাতি আনি যদি তেওঁলোকে শিষ্টাচাৰত নাথাকে তেন্তে বিষম পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি ভাবুকি দিয়াক লৈয়ে দুয়োটা দলৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

পিছত এ বি ভি পিৰ সমৰ্থক সকলে মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীক ঘটনাটোকলৈ অভিযোগ দাখিল কৰে যদিও অধ্যক্ষ গৰাকীয়ে তেওঁলোকক ফোঁপোলা আশ্বাস প্ৰদান কৰে বুলি অভিযোগ কৰে।

কাজিয়াখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যোৱাৰ ফলত এ বি ভি পিৰ সমৰ্থক কেইজন গুৰুতৰভাৱে আহত হয়। আঘাটপ্ৰাপ্ত দুজনক বিকি দেবনাথ আৰু প্ৰসেজিত দত্ত বুলি চিনাক্ত কৰা হৈছে।
অৱশ্যে ধৰ্মনগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিক নিয়ন্ত্ৰণলৈ আনে।
আহত সকলক পিছত জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
এ বি ভি পিয়ে উক্ত ঘটনাটোত মহাবিদ্যলয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদক জড়িত থকাৰ অভিযোগ তুলিছে। দুয়োগৰাকীয়ে এছ এফ আইৰ সদস্য।
আনহাতে এছ এফ আইয়ে তেওঁলোকৰ বিৰুদ্ধে এ বি ভি পিয়ে অনা অভিযোগ অস্বীকাৰ কৰিছে।
উক্ত ঘটনাটোক গৰিহণা জনাই এ বি ভি পি আৰু এছ এফ আইয়ে প্ৰতিবাদী ৰেলী বাহিৰ কৰে। ঘটনাটোৱে স্থানীয় লোকসকলৰ মাজত যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related News