NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত লেনিনৰ প্ৰতিমূৰ্তি বগৰাই পেলোৱাক লৈ বাওঁ গণতান্ত্ৰিক মঞ্চৰ প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া March 7, 2018 7:34 pm
IMG_20180307_132915

ত্ৰিপুৰাত সদ্য সমাপ্ত নিৰ্বাচনত জয় লাভ কৰাৰ পিছতে চৰকাৰ গঠন হোৱাৰ পূৰ্বেই বিজেপিৰ কৰ্মীসকলে চূড়ান্ত ফেচিবাদী মানসিকতা প্ৰদৰ্শন কৰি ৰাজ্যখনত থকা লেনিনৰ এটা প্ৰতিমূৰ্তি ভঙা তথা উচ্ছেদ কৰা কাৰ্যই দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ মাজতে আজি বাওঁ গণতান্ত্ৰিক মঞ্চ অসমে গুৱাহাটী ক্লাবৰ পৰা এক প্ৰতিবাদী সমদল উলিয়ায়।

প্ৰতিবাদকাৰীসকলে ব্যক্ত কৰে, “ত্ৰিপুৰাত বিজেপি কৰ্মীসকলে বিশিষ্ট মাৰ্ক্সবাদী নেতা লেনিনৰ মূৰ্তি বুলগ্ৰেভাইৰৰে বগৰাই পেলোৱা কাৰ্যই বিজেপি চৰকাৰৰ ফেচীবাদী শাসন প্ৰবৰ্তন কৰা কথাটো সুচাইছে।”

আনহাতে প্ৰতিবাদকাৰীসকলে ত্ৰিপুৰাত বিজেপি কৰ্মীসকলক অত্যাচাৰ চলোৱা কাৰ্য সাংঘাতিক বিপদজনক আখ্যা দিয়ে।

এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা জনতা দলৰ জ্যেষ্ঠ নেতা ৰমনী বৰ্মনে ভাষণ প্ৰদান কৰি কয়, “নিৰ্বাচনত জয়ী হৈয়ে শপত গ্ৰহণ নকৰাকৈ বিজেপি দলৰ নেতা-কৰ্মীসকলে যি অমানবীয় কাৰ্য সংঘটিত কৰিলে সেয়া সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক। এয়া হৈছে এক ফেচিষ্ট মনোভাব। সেয়েহে আমি বাও গণতান্ত্ৰিক দলসমূহ একত্ৰিত হৈ বিজেপি চৰকাৰৰ স্বৈৰচাৰিতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছো।”

IMG_20180307_131705

আনহাতে, এই প্ৰতিবাদত অংশগ্ৰহণ কৰা বুদ্ধিজীৱি তথা বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দীনেশ বৈশ্যই ত্ৰিপুৰা কাণ্ডক জঘন্য ঘটনা আখ্যা দি কয়, “এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দাৰ্শনিকৰ প্ৰতিমূৰ্তি বগৰাই পেলোৱাটো বিশ্ব ইতিহাসৰে প্ৰথম ঘটনা। বিজেপি চৰকাৰ তথা তেওঁলোকৰ দল-সংগঠনসমূহে জনসাধাৰণৰ অধিকাৰক বুঢ়া আঙুলি দেখুৱাইছে। দেশৰ বিভিন্ন প্ৰান্তত বিজেপিৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে।এই ঘটনাৰ পিছৰে পৰা বিজেপি চৰকাৰৰ পতন আৰম্ভ হ’ব।”

তদুপৰি, তেওঁ কেবল বাওঁপন্থী লোকসকলেই এই প্ৰতিবাদত জপিয়াই পৰা নাই, সমগ্ৰ সচেতন লোকে এই ঘটনাৰ প্ৰতিবাদ কৰিছে বুলি মন্তব্য কৰে।

আনহাতে, এই প্ৰতিবাদত অংশগ্ৰহণ কৰা আৰ চি পি আই নেতা কমৰেড বীৰেন ডেকাই এই ঘটনাৰ সকলোৱে একেমুখে গৰিহণা দিয়াৰ বাবে আহ্বান জনায়। তেওঁ কয়, “এনে এটা দিন আহিব যি দিনটোত বিজেপি দলটোৱে সংবিধানখনেই ফালি চিৰাচিৰ কৰিব।”

লক্ষ্যণীয় যে বিজেপি দলৰ কৰ্মীৰ হিংসাৰ ফলত ত্ৰিপুৰাত ৫১৪ গৰাকী চিপিআইএম কৰ্মী আহত, ১৫৩৯ টা ঘৰত লুটপাত, ১৩৪ টা চিপিআইএমৰ কাৰ্যালয় ভঙা, ২০৮ টা কাৰ্যালয়ত অগ্নিসংযোগ হোৱা বুলি বাওঁ গণতান্ত্ৰিক দলে তথ্য প্ৰকাশ কৰে।

প্ৰতিবাদকাৰী সকলে গুৱাহাটী ক্লাবৰ পৰা প্ৰতিবাদ আৰম্ভ কৰি দীঘলী পুখুৰীৰ চাৰিওফালে সমদল কৰি পুনৰ গুৱাহাটী ক্লাবতে এই প্ৰতিবাদী সমদলৰ সামৰণি মাৰে।