NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত আৰম্ভ উত্তৰ-পূৰ্বাঞ্চলৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ বিষয়ববীয়াৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচী

Posted by: ৰিনয় বসুমতাৰী March 7, 2018 7:26 pm
কোকৰাঝাৰত আৰম্ভ উত্তৰ-পূৰ্বাঞ্চলৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ বিষয়ববীয়াৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূৰ্বাঞ্চলৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ বিষয়ববীয়াসকলৰ বাবে উন্নয়ন পৰিকল্পনা, বাজেট প্ৰস্তুতি আৰু দায়বদ্ধতা বিষয়ক তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচী আজি বুধবাৰৰ পৰা কোকৰাঝাৰত আৰম্ভ হৈছে।

ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান (National Institute of Rural Development and Panchayati Raj) আৰু বিটিচিয়ে যুটীয়াভাৱে বিটিচি সচিবালয়ৰ সভাগৃহত এই কাৰ্য্যসূচী আয়োজন কৰিছে।

বড়োলেণ্ড টে’ৰিটৰিয়েল কাউন্সিল, ডিমা হাচাও, কাৰ্বি আৰু মাৰ স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকলে এই কাৰ্য্যসূচীত ভাগ লৈছে।

কাৰ্য্যসূচীটোৰ উদ্বোধনী ভাষণত বিটিচিৰ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকনে কাৰ্য্যসূচীটোত পৰিকল্পনা আৰু অনুদানৰ নতুন যুগত স্বায়ত্তশাসিত পৰিষদসমূহৰ খণ্ডিত আৰু সামগ্ৰিক পৰিকল্পনা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত স্বায়ত্তশাসিত জিলা পৰিষদসমূহ : প্ৰত্যাহ্বান, সুযোগ আৰু ভৱিষ্যতৰ পথ, বাজেট : ধাৰণা, ধৰণ আৰু পদ্ধতি, পৰিষদসমূহৰ দায়বদ্ধতা আৰু স্বচ্ছতা প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা হ’ব বুলি উল্লেখ কৰে।

ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ বিষয়া ডঃ এম কে’ শ্ৰীবাস্তৱ অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে।