NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ লখৌজান চাহ বাগিচাত নাহৰফুটুকী বাঘৰ আক্ৰমণ, এজন আহত

Posted by: উত্তম শইকীয়া March 7, 2018 7:23 pm
leopard attack

ৰাজ্যখনত সময়ে সময়ে সংঘটিত হৈ অহা বন্যপ্ৰাণী আৰু মানুহৰ মাজৰ আন এক সংঘাতৰ ঘটনাত, আজি এটা নাহৰফুটুকী  বাঘৰ আক্ৰমণত বোকাখাতৰ লখৌজান চাহ বাগিচাৰ এজন লোক গুৰুতৰভাৱে আহত।

প্ৰাপ্ত তথ্য মতে, আজি পুৱা উক্ত বাগিচাখনৰ মাজত থকা বাঁহনীত বাঁহ কাটিবলৈ যাওঁতে গনেশ ছহিচ নামৰ এজন লোকক বাঘে আক্ৰমণ কৰি আহত কৰে।

বাঘৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত লোকজনক বোকাখাত অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখযোগ্য যে, যোৱা ১৮ ফেব্ৰুৱাৰিত যোৰহাটৰ উজনি গায়ন গাঁৱত বন বিভাগৰ লোকৰ সন্মুখতে স্থানীয় লোকে এটা নাহৰফুটুকী বাঘক হানি-খুঁচি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল।

যোৰহাটৰ উক্ত ঘটনাটোত দুজন আৰক্ষীৰ লোককে ধৰি মুঠ ১১ জন লোক আহত হৈছিল।