NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
অসম

ত্ৰিপুৰাত ৰহিঙীয়াক আটক

Posted by: এন ই নাও নিউজ ব্যুৰো: November 29, 2017 6:27 pm
ত্ৰিপুৰাত ৰহিঙীয়াক আটক

আজি ত্ৰিপুৰা আৰক্ষীয়ে ত্ৰিপুৰাৰ খায়েৰপুৰৰ পৰা ৮জন মুচলমান ৰহিঙীয়াক আটক কৰে। আটক কৰাকেইজনৰ ভিতৰত দুজন পুৰুষ, দুগৰাকী মহিলা আৰু ৪ টি কণমানি শিশু বুলি জানিব পৰা গৈছে। আটক কৰা আটাইকেইগৰাকীকে বৰ্তমান ৰাণীৰবজাৰ থানাত ৰখা হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱামতে, তেওঁলোকক সোধা-পোছা কৰি আৰু তেওঁলোকৰ হাতত থকা নথি-পত্ৰ পৰীক্ষা কৰি তেওঁলোক ম্যানমাৰৰ পৰা ভাৰতত সোমোৱা বুলি সন্দেহ কৰা হৈছে। জেৰাৰ সময়ত তেওঁলোকে আৰক্ষীৰ আগত স্বীকাৰ কৰামতে ম্যানমাৰত নিৰ্য্যাতনৰ সন্মুখীন হৈ তেওঁলোকে প্ৰথমে বাংলাদেশত আৰু তাৰ পাছত পশ্চিমবংগ হৈ ভাৰতত প্ৰৱেশ কৰিছিল আৰু কেইবছৰ মান পূৰ্বে তেওঁলোকে কাশ্মীৰলৈ গৈছিল। কিন্তু এতিয়া ত্ৰিপুৰালৈ কামৰ সন্ধানত আহিছে। তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কয় যে লোককেইজন ৰে’লেৰে প্ৰথমে গুৱাহাটীলৈ আৰু তাৰ পৰা বাছেৰে ত্ৰিপুৰালৈ কামৰ সন্ধানত আহিছে।

Apply Now
← Previousউচটনিমূলক মন্তব্য দি বিপদত এ আই য়ু ডি… Next →ত্ৰিপুৰাৰ সাংবাদিক হত্যাক গৰিহণা ইউনেস্কোৰ

You may also like

Popular Stories

Presidential Oath-Taking: বিগত চাৰে চাৰি দশক ধৰি ২৫ জুলাইতে কিয় শপত গ্ৰহণ কৰি আহিছে ভাৰতৰ ৰাষ্ট্ৰপতিসকলে?

Draupadi Murmu to become 10th successive president to take oath on July 25 আজি দ্ৰৌপদী মুৰ্মুয়ে ভাৰতৰ প্ৰথম আদিবাসী ব্যক্তি হিচাপে দেশৰ…

এন ই নাও নিউজ, গুৱাহাটী · July 25, 2022 9:32 am
অসম

অসমত সুকীয়া স্বায়ত্ত পৰিষদৰ দাবী তুলিলে গাৰোসকলে

অসমৰ এটা গাৰো সংগঠন অল আচিক য়ুথ ফেডাৰেশ্যনে ৰাজ্যখনত বসবাস কৰি থকা গাৰোসকলৰ বাবে এখন সুকীয়া পৰিষদ বিচাৰি দাবী উত্থাপন কৰিছে। মেঘালয়ৰ…

এন ই নাও নিউজ · September 7, 2018 12:46 pm
অসম

ৰিয়েলিটি শ্ব’ৰ পৰা অব্যাহতি পাপনক : বলীউডৰ একাংশ শিল্পীৰো গৰিহণা

পাপন অংগৰাগ মহন্তই চুম্বন বিতৰ্কৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰিছে যদিও একাংশ ৰাজনৈতিক নেতাকে ধৰি একাংশ বলীউডৰ শিল্পীয়ে পাপনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ…

এন ই নাও নিউজ · February 25, 2018 11:22 am
অসম

এবছৰত সংগ্ৰহ ৪৫২ কোটি টকাৰ টোল টেক্স : নতুন বছৰত আৰু ৩ খন টোল গেট উপহাৰ

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০২৩ চনত অসমৰ মুঠ ৯খন টোলগেটৰ পৰা ৪৫২.২২ কোটি টকাৰ টোল টেক্স সংগ্ৰহ কৰিছে। চেণ্টাৰ ফৰ ইফিচিয়েণ্ট গভৰ্নেন্সৰ…

নৰ্থ ইষ্ট নাও, গুৱাহাটী · November 9, 2024 10:13 am
NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese) © 2026