NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাৰ সাংবাদিক হত্যাক গৰিহণা ইউনেস্কোৰ

Posted by: এন ই নিউজ ব্যুৰো, November 29, 2017 6:37 pm
ত্ৰিপুৰাৰ সাংবাদিক হত্যাক গৰিহণা ইউনেস্কোৰ

সংযুক্ত ৰাষ্ট্ৰৰ শৈক্ষিক, বিজ্ঞান তথা সাংস্কৃতিক সংস্থাই যোৱা কালি ত্ৰিপুৰাৰ সাংবাদিক সুদীপ দত্ত ভৌমিকৰ হত্যাৰ ঘটনাক গৰিহণা দিয়ে। ইউনেস্কোৰ মুৰব্বী আদ্ৰে আজুলে ভৌমিকৰ হত্যাক ‘চেঞ্চৰশ্বিপৰ চূড়ান্ত পৰ্যায়’ বুলি অভিহিত কৰিছে।

তেওঁ হত্যাকাৰীক আইনৰ বিচাৰলৈ অনাৰ গুৰুত্ব প্ৰদান কৰি কয় যে ‘সাংবাদিকসকলে তথ্য যোগানৰ জৰিয়তে সমাজলৈ এক মৌলিক বৰঙনি আগ বঢ়ায়, যিটোৱে ৰাজহুৱা বিতৰ্কক ঊৰ্ধ্বলৈ লৈ যোৱাত ইন্ধন যোগায়। সাংবাদিকৰ হত্যা চেঞ্চৰশ্বিপৰ চূড়ান্ত পৰ্যায়। সংবাদ মাধ্যমৰ বিৰুদ্ধে আক্ৰমণক সকীয়নি দিবলৈ এনেধৰণৰ অপৰাধৰ শাস্তি হোৱাটো প্ৰয়োজন।