NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাৰ নতুন চৰকাৰৰ প্ৰথম কেবিনে’টৰ সিদ্ধান্ত : সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহাৰ বাবে সমিতি গঠন, সাংবাদিক হত্যাৰ তদন্ত চিবিআইক

Posted by: পিনাকী দাস March 10, 2018 5:52 pm
biplob deb at office as new cm of tripura

শনিবাৰে ত্ৰিপুৰাৰ নতুন চৰকাৰৰ দপ্তৰ বিতৰণৰ পাছতে মুখ্যমন্ত্ৰী বিপ্লব দেবৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথমখন কেবিনে’ট বৈঠকত লোৱা হৈছে তিনিটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেট বৈঠক সামৰি অনুষ্ঠিত কৰা সংবাদ মেলত মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ কৰ্মচাৰীসকলক দেশৰ সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহা দিবৰ বাবে আজিৰ কেবিনে’টত এখন সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে মাণিক চৰকাৰৰ মুখ্য মন্ত্ৰিত্বৰ কালত ত্ৰিপুৰাৰ কৰ্মচাৰীসকলে চতুৰ্থ দৰমহা আয়োগৰ হাৰতহে দৰমহা পাইছিল।

তাৰোপৰি যোৱা বছৰ ত্ৰিপুৰাত হত্যা কৰা দুই সাংবাদিক শান্তনু ভৌমিক আৰু সুদীপ দত্ত ভৌমিকৰ হত্যাৰ তদন্ত চিবিআইক গতোৱাৰ সিদ্ধান্তও লোৱা হয়। সাংবাদিক দুজনৰ হত্যাৰ পিছতে হত্যাৰ তদন্ত চি বি আইক দিয়াৰ বাবে ত্ৰিপুৰাত সাংবাদিকসকলে ব্যাপক ধাৰাৱাহিক দাবী কৰি অহাৰ পিছতো পূৰ্বৰ মুখ্য মন্ত্ৰী চৰকাৰে এই হত্যাকাণ্ডৰ তদন্ত চি বি আইক দিয়া নাছিল।

আগৰতলা বিমান বন্দৰক মহাৰাজ বীৰ বিক্ৰম কিশোৰ মানিক্যৰ নামেৰে নামাংকিত কৰাৰ বাবে কেবিনে’টে সিদ্ধান্ত লয়।

সংবাদ মেলত নতুন মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ চৰকাৰক জনতাৰ চৰকাৰ হিচাপে উল্লেখ কৰি কয় যে চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ দায়িত্ব ঠিকমতে পালন কৰিব লাগিব।

তেওঁ কয় যে ৰাজ্যখনৰ কৰ্ম সংস্কৃতি সলনি হ’ব লাগিব আৰু চৰকাৰী কৰ্মচাৰীসকল সময় মতে কাৰ্য্যালয়লৈ আহিব লাগিব আৰু কোনো কাম পেলাই থ’ব নোৱাৰিব।

মুখ্য মন্ত্ৰীগৰাকীয়ে ধনাত্মক দৃষ্টিভংগীৰে সুশাসন, উন্নত স্বাস্থ্যসেৱা, শিক্ষা, মৌলিক সা-সুবিধা আৰু উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে।

তেওঁ লগতে কয় যে চি পি আই (এম)ৰ দিল্লীৰ একাংশ শীৰ্ষ নেতাই নিৰ্বাচনোত্তৰ হিংসাৰ ভুৱা বাতৰি বিয়পাই ত্ৰিপুৰাক বদনামী কৰাৰ প্ৰচেষ্টা কৰিছে।

সংবাদ মেলখনত মুখ্য মন্ত্ৰীগৰাকীৰ লগত মন্ত্ৰী প্ৰানাজিত সিংহ ৰয় আৰু ৰতন লাল নাথ আৰু কেবিনে’ট সচিব সঞ্জীৱ ৰঞ্জনো উপস্থিত আছিল।